টীয়ক , 11 মে': টীয়কত গ্ৰেপ্তাৰ মুন্নাভাই এম বি বি এছ ৷ আনৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি ৰাইজক আভুৱা ভাঁৰি আহিছিল ভুৱা চিকিৎসকজনে ৷
টীয়কত মুন্নাভাই এম বি বি এছ - ভুৱা চিকিৎসক
অচ্যুত শইকীয়া নামৰ এজন লোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ কিৰণ সোণোৱাল নামৰ সহযোগী অধ্যাপক এগৰাকীৰ অসম মেডিকেল কাউন্সিলৰ 19947 পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি ধেমাজিত চিকিৎসা প্ৰদান কৰি আহিছিল ৷
টীয়কৰ মুদৈজান ভৰলুৱাৰ অচ্যুত শইকীয়া নামৰ ভুৱা চিকিৎসকজনে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ কিৰণ সোণোৱাল নামৰ সহযোগী অধ্যাপক এগৰাকীৰ অসম মেডিকেল কাউন্সিলৰ 19947 পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি ধেমাজিত চিকিৎসা প্ৰদান কৰি আহিছিল ৷
শইকীয়াৰ এই কাণ্ডৰ বিষয়ে জানিব পাৰি ডাঃ সোণোৱালে অচ্যুত শইকীয়াৰ লগত যোগাযোগ কৰাত ভুলবশতঃ তেওঁৰ পঞ্জীয়ন নম্বৰ 19447ৰ পৰিৱৰ্তে 19947 হোৱা বুলি স্বীকাৰ কৰে ৷ কিন্তু 19447 নম্বৰটোও প্ৰকৃততে আন এজন চিকিৎসক ডাঃ অবিনাশ শইকীয়াৰ বুলি প্ৰমাণিত হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ সোণোৱালে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ ওচৰত অভিযোগ দিয়ে ৷ ইপিনে বিপদৰ আগজাননী পাই ভুৱা চিকিৎসক অচ্যুত শইকীয়াই ধেমাজিৰ পৰা পলায়ন কৰি যোৰহাটৰ টীয়কৰ মুদৈজান ভৰলুৱাৰ এটা ভাড়াঘৰত আশ্ৰয় লয় ৷ তেনে সময়তে শুকুৰবাৰে নিশা টীয়ক আৰক্ষীয়ে ভুৱা চিকিৎসকজনক আটক কৰি তদন্ত অব্যাহত ৰাখে ৷