হিমন্ত বিশ্ব শৰ্মাৰ ধমকৰ পাচতেই ন-আলি উৰণীয়া সেঁতুৰ কাম আৰম্ভ - অসম নিউজ
বিত্ত তথা গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমকৰ ফলত দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল যোৰহাটৰ বহু প্ৰত্যাশিত ন-আলি উৰণীয়া সেঁতুৰ কাম । আধাৰ শিলা স্থাপনৰ পাচতো দীৰ্ঘ সময়লৈকে নিৰ্মাণ নোহোৱাত উৰণীয়া সেঁতু খনকলৈ যোৰহাটবাসীৰ মাজত এক অনিশ্চয়তাৰ সৃষ্টি হৈছিল ৷
যোৰহাট, 24 জুনঃ অৱশেষত আৰম্ভ হ'ল যোৰহাটৰ ন-আলি উৰণীয়া সেঁতুৰ নিৰ্মাণ প্ৰক্ৰিয়া । 803 মিটাৰ দৈৰ্ঘ্যৰ তিনিলেনযুক্ত উৰণীয়া সেঁতুখনৰ নিৰ্মাণ ব্যয় প্ৰায় 90 কোটি । বিত্ত তথা গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমকৰ ফলত দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল যোৰহাটৰ বহু প্ৰত্যাশিত ন-আলি উৰণীয়া সেঁতুৰ কাম । আধাৰ শিলা স্থাপনৰ পাচতো দীৰ্ঘ সময়লৈকে নিৰ্মাণৰ উমঘাম নোহোৱাত উৰণীয়া সেঁতু খনকলৈ যোৰহাটবাসীৰ মাজত এক অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি হৈছিল । বিগত 17 জুনত গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাতে উক্ত স্থান পৰিদৰ্শন কৰাৰ পিছতেই গতি ল'লে বিষয়টোৱে । ইতিমধ্যে গড়কাপ্টানী বিভাগে ছাৰ্ভিছ ৰ'ডৰ কাম আৰম্ভ কৰিছে । উল্লেখযোগ্য যে, নগৰখনৰ মাজৰে পাৰ হৈ যোৱা ৰে'লপথটোক সামৰি নিৰ্মাণ হ'ব লগা উৰণীয়া সেঁতু খনৰ মুঠ দৈৰ্ঘ্য 803 মিটাৰ আৰু প্ৰস্থ হ'ব 23 মিটাৰ । আনহাতে, তিনিলেনযুক্ত উৰণীয়া সেঁতু খনৰ বাবে প্ৰায় 90 কোটি টকা ধাৰ্য কৰা হৈছে । ইয়াৰে 67. 75 কোটি কেন্দ্ৰীয় পুঁজিৰ আৰু বাকী পুঁজি ৰাজ্য চৰকাৰৰ । ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা উৰণীয়া সেঁতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে যাতায়তৰ ক্ষেত্ৰত যোৰহাটৰ যান-জঁটৰ সমস্যাটোত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে ৰে'ল পথটোৰ বাবে সৃষ্টি হোৱা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অন্ত পৰিব ।