যোৰহাট, 19 মে': "অসমত ২০২৪ ৰ ভিতৰত কোনো কেঁচা ঘৰ নেথাকিব ।" আজি যোৰহাটত ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ (PM Awash Yojna)আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ অনুষ্ঠানত ভাগ লৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ৷ যোৰহাটৰ কাছাৰী মৈদানত আজি মুখ্যমন্ত্ৰী ড৹ শৰ্মা আৰু কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙে বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ড৹ জে বি এক্কাৰ আদৰণি ভাষণৰ পিছতে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjit Kumar Das) অসমৰ বাবে আজি এটা ঐতিহাসিক দিন বুলি উল্লেখ কৰে । আনহাতে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে (Central minister Giriraj Singh)প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ কাম-কাজক শলাগ লৈ উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীয়ে যথেষ্ঠ আঁচনি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ।
পিছত নিজৰ ভাষণত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে৷ অসমত ১৯ লাখ গৃহ নিৰ্মাণ হব আৰু সেই গৃহ নিৰ্মাণৰ বাবে প্ৰায় ২৭ হাজাৰ কোটি টকা ব্যয় কৰা হব ৷ গৃহ লাভ কৰা হিতাধিকৰীসকলক এটকাও কোনো বিষয়াক উৎকোচ নিদিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । কোনো লোকে যদি গৃহ লাভ কৰাৰ বিনিময়ত উৎকোচ বিচাৰে তেতিয়া আৰক্ষী বা স্থানীয় বিধায়কক অভিযোগ দিবলৈ ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।