অসম

assam

By

Published : Oct 20, 2020, 2:54 PM IST

Updated : Oct 20, 2020, 5:50 PM IST

ETV Bharat / state

ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

Final verdict announced about dr deben dutta murder case jorhat assam etv bharat news
ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

14:45 October 20

এজন অভিযুক্তক ফাঁচীৰ বিপৰীতে অন্য 24 জনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে ৷ বিগত ১২ অক্টোবৰত এই সন্দৰ্ভত ৰায়দান দিছিল যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ অধীনষ্ঠ ৰবীন ফুকনৰ আদালতে ৷ এই ৰায়দানৰ ভিত্তিতে দোষী সাব্যস্ত হৈছিল ২৫ জন অভিযুক্ত ৷

ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

যোৰহাট,20 অক্টোবৰ:অৱশেষত দেশ কঁপোৱা যোৰহাটৰ চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান দিয়ে আদালতে ৷ মঙলবাৰে যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ঐতিহাসিক ৰায় প্ৰদান কৰি অভিযুক্তৰ শাস্তি ঘোষণা কৰে ৷ 2019 চনৰ 31 আগষ্টত মৃত্যু ঘটা চিকিৎসক গৰাকীৰ হত্যাকাণ্ডত নাম সাঙোৰ খাইছিল 25 জন ব্যক্তিৰ ৷ এই হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰাজোৱাৰক ফাঁচীৰ নিৰ্দেশ প্ৰদান কৰে আদালতে ৷ অন্য 24 জন অভিযুক্তক শাস্তি হিচাপে আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান কৰে ৷ বিগত ১২ অক্টোবৰত এই সন্দৰ্ভত ৰায়দান দিছিল যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ অধীনষ্ঠ ৰবীন ফুকনৰ আদালতে ৷ এই ৰায়দানৰ ভিত্তিতে দোষী সাব্যস্ত হৈছিল ২৫ জন অভিযুক্ত ৷ মঙলবাৰে এই দোষীসকলৰে শাস্তি ঘোষণা কৰে আদালতে ৷

উল্লেখ্য যে, ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ লগত জড়িতৰ অভিযোগত ৩২ জন লোকক আটক কৰিছিল যোৰহাট আৰক্ষীয়ে ৷ এই অভিযুক্ত সকলৰ ভিতৰত হৰি মাঝি নামৰ লোকজনৰ ন্যায়িক জিম্মাত মৃত্যু ঘটিছিল ৷ টীয়কৰ এখন চাহ বাগিচাৰ এদল বৰ্বৰ মানুহৰ হাতত প্ৰাণ ত্যাগ কৰা বৰ্ষীয়ান চিকিৎসক গৰাকীৰ হত্যাৰ 22 দিনৰ ভিতৰত যোৰহাট আৰক্ষীয়ে আটক কৰিছিল অভিযুক্তসকলক ৷ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত দাখিল কৰিছিল 602 পৃষ্ঠা যোৰা এক অভিযোগ নামা ৷

লগতে চাওকঃলুইতৰ বুকুত জাহ যোৱাৰ দিশে বহৰি সত্ৰ

Last Updated : Oct 20, 2020, 5:50 PM IST

ABOUT THE AUTHOR

...view details