যোৰহাট,13 অক্টোবৰঃ সদা ব্যস্ত যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়। দৈনিক বহু লোক বিভিন্ন কামত অহা যোৱা কৰে। কিন্তু এগৰাকী মহিলা নিজৰ কণ্যা সৈতে দৈনিক অহা যোৱা কৰে উপায়ুক্ত কাৰ্যালয়লৈ । কাৰণ এটাই, সেয়া হৈছে অতুল বৰা নামৰ এজন পেছকাৰক লগ ধৰা । প্ৰতিবেদনত থকা ছবি আৰু গোপন ম’বাইলেৰে ধৰি ৰখা ভিডিঅ’টোত আপুনি দেখা লোকজনেই হৈছে সেই ভুৱা পেছকাৰজন।
যোৰহাটত উপায়ুক্ত কাৰ্যালয়ত দালালিৰ দপদপনি ! - উপায়ুক্ত কাৰ্যালয়
চাকৰি দিয়া নামত ৪০ হাজাৰ ল’লে এগৰাকী মহিলাৰ পৰা। যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত এগৰাকী মহিলাক প্ৰবঞ্চনা । দৈনিক আহে এজন পেছকাৰক বিছাৰি। কিন্তু সৌভাগ্য নহয় লগ কৰাৰ।

উপায়ুক্ত কাৰ্যালয়ত চাকৰি দিয়া নামত মহিলা গৰাকীৰ পৰা প্ৰায় ৪০ হাজাৰ টকা সংগ্ৰহ কৰিছিল ভুৱা পেছকাৰজনে। এতিয়া মহিলা গৰাকীয়ে ধৃত অতুল বৰাক ফোন কৰিলে ওলোতাই দাবী ধমকিহে দিয়ে বুলি অভিযোগ কৰিছে মহিলা গৰাকীয়ে। ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকীয়ে যোৰহাট সদৰ আৰক্ষী থানাত অতুল বৰাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে ঘটনা সম্পৰ্কত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিলে মহিলা গৰাকীয়ে।
উল্লেখযোগ্য যে যোৰহাট উপায়ুক্ত কায্যলয়ত দৈনিক বহু লোকৰ আগমনৰ সুযোগ লৈ একাংশ লোকে এইদৰে সাধাৰণ লোকৰ পৰা চাকৰি, পি.আৰ.চি,প্ৰদানকে ধৰি বিভিন্ন কামৰ কৰি দিয়াৰ বিনিময়ত দালালি কৰি আহিছে। প্ৰশাসন কঠোৰ ন’হলে উপায়ুক্ত কায্যলয় চৌহদত দালালৰাজ এইদৰেই থাকিব অব্যাহত ৷
লগতে পঢ়কঃৰেলিং ভাঙি পথৰ পৰা বাগৰিল ট্ৰাক