যোৰহাট, ২১ নৱেম্বৰ :যোৰহাট জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী (Lachit Borphukan birth anniversary in Jorhat) । সোমবাৰে যোৰহাট কছাৰী ময়দানত লাচিত বৰফুকনৰ প্ৰতি সন্মান জনাই এক প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে । দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ পশু-পক্ষীৰ লগতে উন্নত মানৰ বীজ আৰু প্ৰাকৃতিক উদ্ভিদ এই প্ৰদৰ্শনীত উপলব্ধ হৈছে (Exhibition at Jorhat Kachari Moidan) ।
দেশ-বিদেশৰ লোকসকলক লাচিত বৰফুকন কোন আছিল আৰু কেনেদৰে অশুভ শক্তি নাশ কৰি অসমীয়া জাতিক ৰক্ষা কৰিছিল সেই বিষয়ে জনোৱাৰ উদ্দেশ্যৰে এই প্ৰদৰ্শনীৰ আয়োজন কৰাৰ হৈছে । উক্ত প্ৰদৰ্শনীত দেশ-বিদেশৰ কেইবাখনো বিপনিয়ে অংশগ্ৰহণ কৰিছে । উল্লেখযোগ্য যে, যোৰহাট জিলাৰ মেলেঙৰ হোলোঙাপাৰত থকা লাচিত মৈদামত প্ৰায় ১৫০ কোটি টকাৰ ব্যয় সাপেক্ষে লাচিত বৰফুকনৰ স্মাৰক (Lachit memorial in Jorhat) আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰাৰ হ'ব ।
ইতিমধ্যে এই প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ লগতে ভূমিৰ গৰাকীক ২০ নৱেম্বৰত চেক প্ৰদান কৰাৰ হয় । উল্লেখনীয় যে, লাচিত বৰফুকনৰ জন্ম জয়ন্তী পালন কৰাৰ ক্ষেত্ৰত জিলাসমূহৰ মাজত এক প্ৰকাৰ অঘোষিত প্ৰতিযোগিতা সৃষ্টি হৈছে । আজি প্ৰদৰ্শনীমূলক বিপণীত জিলা প্ৰশাসনৰ উচ্চ প্ৰদস্থ বিষয়াসকলৰ লগতে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে ।