তিতাবৰ, 9 ডিচেম্বৰ :ৰাজ্যজুৰি আৰম্ভ শান্তি সদভাৱনা যাত্ৰা। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত ৰাজ্যজুৰি চলিছে এই যাত্ৰা । প্ৰতিখন জিলাতেই শান্তি যাত্ৰাৰ জৰিয়তে বিসৰ্জন দিয়া হ'ব তৰুণ গগৈৰ অস্থি ।
প্ৰয়াত তৰুণ গগৈৰ স্মৃতিত ৰাজ্যজুৰি শান্তি সদভাৱনা যাত্ৰা - যোৰহাট
গৃহ জিলা যোৰহাটৰ তিতাবৰ সমষ্টিৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ আছিল এক আত্মিক সম্পৰ্ক । তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তিতাবৰৰ পৰাই আৰম্ভ কৰিছিল ৰাজনৈতিক জীৱন ।
বুধবাৰে তিতাবৰ আহি পালেহি সদ্য প্ৰয়াত তৰুণ গগৈৰ অস্থি। গৃহ জিলা যোৰহাটৰ তিতাবৰ সমষ্টিৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ আছিল এক আত্মিক সম্পৰ্ক। তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তিতাবৰৰ পৰাই আৰম্ভ কৰিছিল ৰাজনৈতিক জীৱন। বুধবাৰে গগৈৰ অস্থি তিতাবৰত উপস্থিত হোৱাৰ পাছত তিতাবৰ ৰাজীৱ ভৱনত ৰখা হৈছে ।
আনহাতে তৰুণ গগৈৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ তিতাবৰ নগৰত শীঘ্ৰেই তৰুণ গগৈৰ প্ৰতিমূৰ্তি নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে । বৃহস্পতিবাৰে তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ‘ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাজহুৱা আদ্যশ্ৰাদ্ধ ।
লগতে পঢ়ক: তিতাবৰীয়া ৰাইজে আয়োজন কৰিলে প্ৰয়াত তৰুণ গগৈৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ