যোৰহাট,30 মে’:দেওবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক, একালৰ ছাত্ৰ নেতা সমীৰণ বৰদলৈৰ দেহাৱসান ঘটে ৷ প্ৰয়াত বৰদলৈ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া জগতৰ লগতো জড়িত আছিল ৷ কেইবামাহ আগৰে পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ থকা বৰদলৈয়ে দেওবাৰে পুৱা 7.15 বজাত যোৰহাটৰ তৰাজান সোণাৰি গাঁৱৰ বাসগৃহত ইহলীলা সম্বৰণ কৰে ৷
তেখেতৰ মৃত্যুত সমগ্ৰ যোৰহাট জিলাতে শোকৰ ছাঁ বিৰাজ কৰিছে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 60 বছৰ ৷ প্ৰয়াত বৰদলৈয়ে পত্নীসহ তিনি গৰাকী কন্যাক এই সংসাৰত এৰি থৈ গৈছে ৷ যোৰহাট জিলা সাহিত্য সভাই তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ বৰদলৈৰ প্ৰতি সন্মান জনাই ৰাজ্যৰ প্ৰতিটো সাহিত্য সভাৰ কাৰ্যালয়ত তিনি দিনলৈ পতাকা অৰ্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷