অসম

assam

ETV Bharat / state

তিতাবৰত ই.ভি.এম মেচিন বিকল

তিতাবৰত ই.ভি.মেচিন বিকল হৈ পৰাত বন্ধ হৈ পৰে ভোটদান প্ৰক্ৰিয়া

By

Published : Apr 11, 2019, 9:59 AM IST

তিতাবৰত ই.ভি.মেচিন বিকল

তিতাবৰ,11 এপ্ৰিল : তিতাবৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অঘটন ৷ বৃহস্পতিবাৰৰ পুৱাৰে পৰা ৰাজ্যৰ 5টা সমষ্টিত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত তিতাবৰবাসীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাৰে পৰা ভিৰ কৰিছেহি তিতাবৰৰ ভোটকেন্দ্ৰসমূহত ৷ কিন্তু তিতাবৰবাসীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত নকৰাকৈ উভতিব লগীয়া হ'ল ভোটকেন্দ্ৰৰ পৰা । তিতাবৰ মহকুমাৰ অন্তৰ্গত বেকাজান উচ্চ ইংৰাজী বিদ্যালয়ৰ 112 নং ভোট কেন্দ্ৰত ই ভি এম মেচিন বিকল হোৱাত লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ভোটকেন্দ্ৰত । যাৰ বাবে ভোটদান সাব্যস্ত কৰিব নোৱাৰি চিন্তিত হৈ পৰে তিতাবৰবাসী । ৰাইজে পুৱা 6 বজাৰ পৰা লাইন পাতি ভোট দিবলৈ ৰৈ থাকি ভোট দিবলৈ নাপাই ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । আনহাতে, নিৰ্বাচন আয়োগৰ গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হয় বুলিও মন্তব্য কৰে ভোট দিবলৈ অহা একাংশ লোকে ।

তিতাবৰত ই.ভি.মেচিন বিকল

ABOUT THE AUTHOR

...view details