কলিয়াবৰ, 27 এপ্ৰিল : কলিয়াবৰৰ বাণিজ্যিক কেন্দ্ৰ জখলাবন্ধাতআৰক্ষী প্ৰশাসনৰ সহযোগত মহকুমা প্ৰশাসনে বেদখলকৃত ভূমিত চলায় উচ্ছেদ অভিযান । শণিবাৰে পুৱা সাত বজাৰে পৰা কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগৰ নেতৃত্বত চলোৱা হয় এই উচ্ছেদ অভিযান ৷ বেদখল মুক্ত কৰা হয় বছৰ-বছৰ ধৰি জখলাবন্ধা সংযোগী গৰুবন্ধা-চিকণী গড়কাপ্তানী পথটোৰ দুইকাষে বেদখল কৰি থকা মুঠ 131টা স্থান ৷
জখলাবন্ধাত প্ৰশাসনৰ উচ্ছেদ অভিযান - প্ৰশাসন
কলিয়াবৰ মহকুমাৰ লগতে আৰক্ষী বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত জখলাবন্ধা সংযোগী গৰুবন্ধা-চিকণী পথৰ দুয়োকাষে প্ৰশাসনৰ হাতোৰা ৷ উচ্ছেদ কৰিলে অবৈধভাবে নিৰ্মাণ কৰা দোকান-পোহাৰ, বাসগৃহ ৷
জখলাবন্ধাত উচ্ছেদ অভিযান
কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নোহোৱাকৈ চলোৱা হয় উচ্ছেদ অভিযান ৷ জেচিবি লগাই ভাঙি দিয়া হয় চৰকাৰী ভূমিত নিৰ্মিত দোকান-পোহাৰকে ধৰি বাসগৃহসমূহ ৷ কলিয়াবৰ মহকুমা প্ৰশাসনৰ এই উচ্ছেদ অভিযানক একেমুখে শলাগ লৈছে স্থানীয় ৰাইজে ৷
অধিক পঢ়ক চিৰাঙৰ বিজনীত IPL ৰ জুৱা ঘাটি উৎখাত