অসম

assam

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 9:43 PM IST

Updated : Nov 24, 2023, 10:37 PM IST

ETV Bharat / state

দুখন বাহন, একেটাই পঞ্জীয়ন নম্বৰ : উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিল পৰিবহন বিভাগ

গাড়ীৰ পঞ্জীয়ন নম্বৰ জালিয়াতিৰ অভিযোগত গাড়ীৰ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ প্ৰকৃত গৰাকীৰ গাড়ীৰ পঞ্জীয়ন নম্বৰ জালিয়াতিৰে ব্যৱহাৰৰ কৰি আছিল আন এজনে ৷

Using Fake Registration Number of Vehicle
গাড়ীৰ পঞ্জীয়ন নম্বৰ জালিয়াতি

ভুৱা বঞ্জীয়ন নম্বৰ ব্যৱহাৰ

যোৰহাট, 24 নৱেম্বৰ : যোৰহাট জিলাৰ পৰিবহন বিভাগত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত কাণ্ড ৷ দুখন গাড়ীৰ পঞ্জীয়ন নম্বৰ একেটাই ৷ ফলত বিমোৰত পৰিল জিলা পৰিবহন বিভাগ ৷ পৰিবহন বিভাগৰ বিভাগীয় গোটৰ চৰজমিন তদন্তৰ পিছতহে পোহৰলৈ আহিল জালিয়াতিৰ ভয়ংকৰ ঘটনা ৷ এই জলিয়াতিত কোন কোন জড়িত সেই সকলো ঘটনা পোহৰলৈ আনিবলৈ যোৰহাট জিলা পৰিবহন বিভাগ কাষ চাপিল লিচুবাৰী আৰক্ষীৰ ৷

ঘটনাৰ বিৱৰণী অনুসৰি AS 05 AC 0176 নম্বৰৰ বলেৰ' পিক আপ বাহনখনৰ প্ৰকৃত স্বতাধিকাৰ আছিল বীৰেণ কুৰ্মী নামৰ ব্যক্তিগৰাকীৰ আৰু তেওঁ বাহনখন দীৰ্ঘদিন ধৰি বিদ্যুৎ বিভাগক তেওঁলোকৰ কামৰ বাবে ভাড়াত দিছিল ৷ কিন্তু বিদ্যুৎ বিভাগৰ দায়িত্বত থকা বাহনখনৰ সকলো নথি-পত্ৰ সঠিক থকা স্বত্বেও আৰু কোনো দুৰ্ঘটনাত পতিত নোহোৱাৰ পিছতো অনাহকত পৰিবহন বিভাগৰ পৰা জৰিমনা গৈ থকাত, অৰ্থাৎ বিভাগৰ পৰা চালান পাই থকাত ক্ষুব্ধ হৈ বীৰেণ কুৰ্মীয়ে জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ পৰিবহন বিষয়াৰ ওচৰত অভিযোগ কৰে ৷

ব্যক্তিগৰাকীৰ এই অভিযোগৰ পিছতেই পৰিবহন বিভাগৰ তদন্তত ওলাই পৰিল উৰহীৰ উৰ ৷ কোনো অজ্ঞাত ব্যক্তিয়ে বীৰেণ কুৰ্মীৰ গাড়ীৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি 2019 চনৰ পৰা গাড়ী চলাই আহিছিল আৰু আশ্বৰ্যজনকভাৱে ইঞ্চুৰেঞ্চো অতি কৌশলেৰে নিয়াৰিকৈ আদায় কৰি গৈছিল ব্যক্তি গৰাকীয়ে ৷ উল্লেখ্য যে, প্ৰকৃত গৰাকীৰ গাড়ীৰ পঞ্জীয়ন নম্বৰ জালিয়াতিৰে ব্যৱহাৰৰ কৰি থকা ভুৱা ব্যক্তিজনৰ নামো প্ৰকৃত গাড়ীৰ মালিকৰ নামৰ সৈতে একেই অৰ্থাৎ বীৰেণ কুৰ্মী ৷

এইদৰে অবৈধভাৱে আৰু জালিয়াতিৰে প্ৰকৃত গৰাকীৰ গাড়ীৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি চলাই থকা গাড়ীখন পৰিবহন বিভাগে জব্দ কৰাৰ লগতে চালকজনক আটক কৰিছে ৷ অন্যহাতে গাড়ীৰ গৰাকী বৰ্তমান পলাতক অৱস্থাত আছে ৷ বৰ্তমান যোৰহাট লিচুবাৰী আৰক্ষী চকীত জিলা পৰিৱহন বিষয়াৰ কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক :ভূমিৰ নথি জালিয়াতিত কোন কোন জড়িত ? ক’লে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

Last Updated : Nov 24, 2023, 10:37 PM IST

ABOUT THE AUTHOR

...view details