যোৰহাট, 7 মে’: "আনন্দ আৰু স্ফুৰ্তিৰ বাবেহে অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰিছিল তিনি কলেজীয়া ছাত্ৰই ৷ তেওঁলোকক এই নীলা ছবি বনাবলৈ কোনো হেঁচা প্ৰয়োগ কৰা নাছিল ৷ তেওঁলোকে মনোৰঞ্জনৰ বাবে এই ভিডিঅ’সমূহ আপলোড কৰিছিল বিভিন্ন পৰ্ণ ছাইটত ৷ অভিযুক্ত দুয়োজন যুৱকৰ সৈতে সম্পৰ্ক আছিল ছাত্ৰীগৰাকীৰ (Jorhat Porn video case) ৷ তেওঁলোকে স্বেচ্ছাই ভিডিঅ’ বনাইছিল ৷" ৰাজ্য কঁপোৱা যোৰহাটৰ লজ্জাজনক ঘটনাৰ প্ৰাথমিক তদন্তৰ পিচতে সংবাদ মাধ্যমক সম্বোধন কৰি উপ আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে এই মন্তব্য় প্ৰকাশ কৰে (DSP Mrinmoy Goswami on Jorhat Porn video case)৷
আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ছাত্ৰীগৰাকী আৰু দুই যুৱকক তিনিদিনৰ বাবে আৰক্ষীৰ জিন্মাত লৈ সোধা পোছা অব্যাহত ৰাখিছে । এই ঘটনাৰ সৈতে হানী ট্ৰেপিং বা ব্লেকমেইলৰ কোনো সম্পৰ্ক নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আগন্তুক দুটা দিনৰ ভিতৰতহে সকলো ৰহস্য আৰু তথ্য ফাদিল হ’ব বুলি উপ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ।
যোৰহাটৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে গাঁৱৰে এজন প্ৰায় ৭২ বছৰীয়া বৃদ্ধৰ সৈতে চক্ৰান্তৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি গোপনে ভিডিঅ’ প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছিল (Old man suicide)৷ ইয়াৰোপৰি সেই ভিডিঅ’টো পৰ্ণ ছাইটতো আপলোড কৰিছিল ছাত্ৰীগৰাকীসহ দুই বন্ধুৱে ৷ সেই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাচতেই শুকুৰবাৰে বিয়লি আত্মহত্যা কৰিছিল ৭২ বছৰীয়া বৃদ্ধ লোকজনে (Tense Situation at Dhekial) ৷