অসম

assam

ETV Bharat / state

অখিল গগৈ লৈ ভয় কৰে বিজেপি চৰকাৰে: ধৈৰ্য্য় কোঁৱৰ - কা আন্দোলন

২০২১ চনৰ নিৰ্বাচনত বিজেপি দলক পৰাভূত কৰিবলৈ লগতে আৰ এছ এছক উৎখাত কৰিবলৈ এক শক্তিশালী জাতীয়তাবাদী চেতনা থকা ৰাজনৈতিক দল লাগিব । বৰ্তমান সময়ত জন্ম হোৱা ৰাজনৈতিক দলে নিৰ্বাচনত বিজেপিহে সহায় কৰিব ।

অখিল গগৈ লৈ ভয় কৰে বিজেপি চৰকাৰে
অখিল গগৈ লৈ ভয় কৰে বিজেপি চৰকাৰে

By

Published : Aug 20, 2020, 9:59 PM IST

যোৰহাট, 20 আগষ্ট : নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জপিয়াই পৰি ৰজা ঘৰৰ দৃষ্টিত অপৰাধী হৈ কৰাবাসৰ পৰা মুক্ত হৈ দীৰ্ঘ দিনৰ পাচত যোৰহাটত উপস্থিত হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰ । যোৰহাটৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি সাংবাদিকৰে মুখামুখি হয় কৃষক মুক্তিৰ সাধাৰণ সম্পাদকগৰাকী । যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত উপস্থিত হোৱাৰ সময়ত কৃষক নেতা জনক উষ্ম আদৰণি জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ।

যোৰহাটত কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰ

সাংবাদিকৰ প্ৰশ্ন উত্তৰত ধৈৰ্য্য কোঁৱৰে কয় যে, ২০২১ চনৰ নিৰ্বাচনত বিজেপি দলক পৰাভূত কৰিবলৈ লগতে আৰ এছ এছ ক উৎখাত কৰিবলৈ এক শক্তিশালী জাতীয়তাবাদী চেতনা থকা ৰাজনৈতিক দল লাগিব । আনহাতে, বৰ্তমান সময়ত জন্ম হোৱা ৰাজনৈতিক দলে নিৰ্বাচনত বিজেপিহে সহায় কৰিব । অৱশ্যে ৰাজনৈতিক দল খোলাৰ কোনো পৰিকল্পনা নাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

আঞ্চলিকতাবাদী ৰাজনীতি সন্দৰ্ভত ধৈৰ্য্য কোঁৱৰৰ মন্তব্য

অখিল গগৈ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক গৰাকীয়ে কয় যে, বিজেপি চৰকাৰে ভাল দৰে জানে অখিল গগৈ কাৰাবন্দী হৈ থাকিলেও এক শক্তি, মুক্ত আকাশৰ তলত থাকিলে অধিক শক্তিশালী হয় অখিল গগৈ । সেয়েহে অখিল গগৈ মুক্তি নিবিচাৰে চৰকাৰে । যদি অখিল গগৈ মুক্তহৈ মুকলি আকাশৰ তললৈ আহে, তেতিয়া বিজেপি চৰকাৰৰ পানীত হাঁহ নচৰা অৱস্থা হ’ব বুলিয়েই চৰকাৰে কাৰাবন্দী কৰি ৰাখিছে অখিল গগৈক।

অখিল গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া
আনহাতে, ‘কা’ আন্দোলন আবেগিক আছিল বুলি কোৱা অভিনেতা যতীন বৰাক কটাক্ষ কৰি তেওঁ কয় যে, ‘কা’ আন্দোলন আবেগত হোৱা নাছিল, মাত্ৰ যতীন বৰা দৰে সুবিধাবাদী সকলৰহে কোনো নিজস্ব স্থিতি নাই । জুবিন গাৰ্গলৈ অনুৰোধ জনায় ধৈৰ্য্য কোঁৱৰে কয় যে, ৰজা ঘৰৰ গায়ক হোৱাতকৈ ৰাইজৰ মাজত থাকক শিল্পীগৰাকী । ইতিমধ্যে কৃষক নেতা জন যোৰহাটলৈ অহাৰ খবৰ পাই আৰক্ষী তৎপৰ হৈ পৰে । যাতে চহৰখনত কোনো ধৰণৰ আন্দোলন বা প্ৰতিবাদী কাৰ্যসূচী নহয় ।

লগতে পঢ়ক :কৰ’ণাৰ বাবে বাতিল জামুগুৰিহাটৰ ২২৫ বছৰীয়া কালীয় দমন ভাওনা

ABOUT THE AUTHOR

...view details