অসম

assam

By

Published : May 30, 2021, 9:59 AM IST

ETV Bharat / state

সত্ৰৰ সন্মুখত শ্মশান নিৰ্মাণৰ বিৰুদ্ধে মাজুলীত প্ৰতিবাদ

মাজুলীৰ ঐতিহাসিক নতুন কমলাবাৰী সত্ৰ আৰু মাহৰা আধাৰ সত্ৰৰ সন্মুখত ৰাজহুৱা শ্মশান নিৰ্মাণক লৈ তীব্ৰ প্ৰতিবাদ বৈষ্ণৱৰ । এই সন্দৰ্ভত চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আহ্বান মাজুলীবাসীৰ ৷ এই সন্দৰ্ভত উচিত তদন্তৰ দাবীত সত্ৰাধিকাৰসকলে মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক তথা উপায়ুক্তলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ৷

সত্ৰৰ সন্মুখত শ্মশান নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবী প্ৰতিবাদ মাজুলীত
সত্ৰৰ সন্মুখত শ্মশান নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবী প্ৰতিবাদ মাজুলীত

মাজুলী,30 মে’:মাজুলীৰ ঐতিহাসিক নতুন কমলাবাৰী সত্ৰ আৰু মাহৰা আধাৰ সত্ৰৰ সন্মুখত নিৰ্মাণ হ’ব ৰাজহুৱা শ্মশান । যাৰ বাবে চৰকাৰে ১০ লাখ টকাৰ এক পূঁজি আৱণ্টিত কৰিছে ৷ যাক লৈ এতিয়া খৰ্গগ্ৰস্ত হৈছে মাজুলীবাসী ৷ সত্ৰৰ সন্মুখতে নিৰ্মাণ হ’ব লগা ৰাজহুৱা শ্মশানৰ কাম বাতিল কৰিবলৈ শনিবাৰে চৰকাৰৰ বিৰুদ্ধে সত্ৰৰ বৈষ্ণৱৰ লগতে স্থানীয় ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

উল্লেখ্য যে, দুষ্টচক্ৰৰ বিৰুদ্ধে সৰৱ হৈছে দুখন সত্ৰৰ বৈষ্ণৱসকল । ১৬৭৩ খ্ৰীষ্টাব্দত মাধৱদেৱৰ প্ৰিয় শিষ্য বদলা পদ্ম আতাই প্ৰতিষ্ঠা কৰা মাজুলীৰ ঐতিহ্যমণ্ডিত নতুন কমলাবাৰী সত্ৰ আৰু মাহৰা আধাৰ সত্ৰৰ সন্মুখত ৰাজহুৱা শ্মশান নিৰ্মাণ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

সত্ৰৰ সন্মুখত শ্মশান নিৰ্মাণৰ বিৰুদ্ধে মাজুলীত প্ৰতিবাদ

ভকত বৈষ্ণৱ তথা সত্ৰাধিকাৰৰ প্ৰশ্ন, দুখন সত্ৰৰ সন্মুখত ৰাজহুৱা শ্মশান নিৰ্মাণ কৰিব খোজা কামটো কিমান যুক্তি সংগত ? নতুন কমলাবাৰী সত্ৰৰ বাটচ’ৰাৰ সন্মুখত আৰু মাহৰা আধাৰ সত্ৰৰ সমীপত এখন ৰাজহুৱা শ্মশান নিৰ্মাণৰ বাবে ইতিমধ্যে অ-নিৰ্ধাৰিত পূঁজিৰ ১০ লাখ টকাৰ আৱণ্টিত হৈছে । দক্ষিণ কমলাবাৰী পঞ্চায়তৰ অধীনৰ সত্ৰৰ সন্মুখত শ্মশানখন নিৰ্মাণ কৰিবৰ বাবে গোপনে চক্ৰান্ত কৰিছে একাংশই ৷ এই অভিযোগ উত্থাপন কৰিছে ভকত বৈষ্ণৱসকলে ৷

শ্মশান নিৰ্মাণ হ’লে সত্ৰলৈ অহা দৰ্শনাৰ্থী, পৰ্যটক, যাত্ৰীৰ লগতে উক্ত মূল পথেদি যাতায়াত কৰা সকলো পথচাৰীয়ে বহু সমস্যাৰ সন্মুখীন হ’ব লাগিব । ইফালে, শ্মশানৰ বাবে চৰকাৰে ধাৰ্য কৰা মাটিৰ সমীপতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুটা ব্যয়বহুল পানী যোগান আঁচনি আছে আৰু সেই পানী সত্ৰৰ লগতে অঞ্চলটোৰ গৰিষ্ঠসংখ্যকে ব্যৱহাৰ কৰে ৷ লগতে দুটা বহু কোটিটকীয়া অভিলাষী সাংস্কৃতিক প্ৰকল্পৰ নিৰ্মাণৰ কাম চলি আছে উক্ত এলেকাত । এফালে বিশুদ্ধ খোৱা পানীৰ যোগানৰ ব্যৱস্থা কৰিছে, আনফালে সেই ঠাইতে ৰাজহুৱা শ্মশান নিৰ্মাণৰ ব্যৱস্থা কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আনিব বিচৰিছে চৰকাৰে ৷ এই অভিযোগ মাজুলীবাসীৰ ৷

সেয়ে শনিবাৰে দুষ্টচক্ৰৰ বিৰুদ্ধে ভকত বৈষ্ণৱ তথা সত্ৰাধিকাৰসকলে প্ৰতিবাদ কৰি সকীয়াই দিলে যে, যিকোনো মূল্যৰ বিনিময়ত সত্ৰৰ সমীপত শ্মশান নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব । চৰকাৰী উপযুক্ত ভূমি আৱণ্টিত কৰি বিজ্ঞানসন্মতভাৱে শ্মশান নিৰ্মাণ কৰিবলৈ আহ্বান জনাই মাজুলী সত্ৰৰ সত্ৰাধিকাৰসকলে ৷ লগতে এই সন্দৰ্ভত সত্ৰাধিকাৰসকলে মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক তথা উপায়ুক্তলৈ প্ৰেৰণ কৰে এখনি স্মাৰকপত্ৰ ।

লগতে পঢ়ক:তেজপুৰ শালনিবাৰী বিমানবন্দৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details