অসম

assam

By

Published : Sep 11, 2019, 9:42 AM IST

ETV Bharat / state

টীয়কত পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

চাইকেলৰ পৰা পৰি মূৰত গুৰুতৰ ভাবে আঘাত পোৱাত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ৷

টীয়কত পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

টীয়ক , 11 ছেপ্টেম্বৰঃ বুধবাৰে পুৱা টীয়কৰ বলমা কানৈপুখুৰী সমীপৰ হুছেইন চাপৰি পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়৷ মৃত যুৱকজন হুছেইন চাপৰি অঞ্চলৰ জোমা আলি বুলি জানিব পৰা গৈছে ৷

টীয়কত পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি, মঙলবাৰে নিশা যুৱকজনে নিজৰ চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত বিধ্বস্ত পথৰ বাবে নিয়ন্ত্ৰন হেৰুৱাই বাটত পৰি যায়৷ আৰু চাইকেলৰ পৰা পৰি মূৰত গুৰুতৰ ভাবে আঘাত পোৱাত যুৱকজনে এনেদৰে কৰুণ মৃত্যুক আঁকোৱালি লয় ৷ ইপিনে ৰাইজৰ খবৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

টীয়কত পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details