অসম

assam

যোৰহাটত প্ৰাইজমনি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

যোৰহাট চৰাইবাহীত দিবা-নৈশ প্ৰাইজমনি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা । চৰাইবাহী এল. পি স্কুলৰ প্ৰাংগণত অনুষ্ঠিত এই প্ৰতিযোগিতাখনি ।

By

Published : Feb 12, 2021, 2:25 PM IST

Published : Feb 12, 2021, 2:25 PM IST

ETV Bharat / state

যোৰহাটত প্ৰাইজমনি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

যোৰহাট চৰাইবাহীত দিবা নৈশ প্ৰাইজমনি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা
যোৰহাট চৰাইবাহীত দিবা নৈশ প্ৰাইজমনি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

যোৰহাট, ১২ ফেব্ৰুৱাৰী: যোৰহাট জিলাৰ চৰাইবাহীত অনুষ্ঠিত হৈছে দিবা-নৈশ প্ৰাইজমনি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা । চৰাইবাহী যুৱসমাজৰ উদ্যাগত আৰু চৰাইবাহী মুছলিম গাঁৱৰ সহযোগত ১১ ফেব্ৰুৱাৰী পৰা ১৩ তাৰিখলৈ চৰাইবাহী এল. পি স্কুলৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাখনি ।

যোৰহাট চৰাইবাহীত দিবা নৈশ প্ৰাইজমনি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

বৃহস্পতিবাৰে খেলখন আনুষ্ঠানিকভাৱে মুকলি কৰে যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাস আৰু ১১৯ চি আৰ পি এফ বেটেলিয়ানৰ ডেপুটি কামাণ্ডেণ্ট ইকবাল আহমেদে । এই খেলখনৰ বিজয়ী দলক পুৰস্কাৰ হিচাপে ৭০,০০০ টকা প্ৰদান কৰা হ'ব । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত খেলখনৰ আটাইকেইদিনতে স্থানীয় ৰাইজ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগিতা কামনা কৰিছে আয়োজক কমিটিয়ে ।

লগতে পঢ়ক:কি কি আছে চাৰি মাহৰ অন্তৱৰ্তীকালীন বাজেটত

ABOUT THE AUTHOR

...view details