অসম

assam

ETV Bharat / state

নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ - hydrograph

মঙলবাৰে নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে । নিমাতীঘাটত মঙলবাৰে জলস্তৰ 85.64 মিটাৰলৈ বৃদ্ধি পোৱাত কেন্দ্ৰীয় জল আয়োগে নিমাতীঘাটত সতৰ্কতা জাৰি কৰিছে ।

নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ জলস্তৰ

By

Published : May 14, 2019, 7:59 PM IST

যোৰহাট,14মে': বাৰিষাৰ প্ৰথমটো বানতে যোৰহাটৰ নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । কেন্দ্ৰীয় জল আয়োগে নিমাতীঘাটত জাৰি কৰিছে সতৰ্কতা । নিমাতীঘাটত মঙলবাৰে পুৱাৰ ভাগত জলস্তৰ ৮৫.০৫ আছিল যদিও পৰৱৰ্তী সময়ত জলস্তৰ ৬৪ ছেন্টিমিটাৰ বৃদ্ধি পায় ।

নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ জলস্তৰ

উল্লেখ্য যে কেন্দ্ৰীয় জল আয়োগৰ জলস্তৰ সীমা নিৰ্ধাৰণ কৰা হাইড্ৰ'গ্ৰাফ অনুসৰি ৮৪ মিটাৰক সৰ্তকতা জাৰি কৰা সীমা আৰু ৮৫ মিটাৰক বিপদসীমা হিচাপে গণ্য কৰা হয় । সেই অনুসৰি নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰে ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে । কেন্দ্ৰীয় জল আয়োগৰ নিমাতীঘাটৰ কৰ্মচাৰীসকলৰ মতে আৰু অধিক বৰষুণ হ'লে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

ABOUT THE AUTHOR

...view details