তিতাবৰ, 20 এপ্ৰিল : সততে উপলব্ধ এবিধ বনৌষধি ব্যৱহাৰেৰে প্ৰতিৰোধ কৰিব পাৰি ক'ৰণাৰ সংক্ৰমণ । এই দাবী কৰিছে মেৰাপানী অঞ্চলৰ এগৰাকী বয়োজেষ্ঠ ব্যক্তিয়ে । মেৰাপানীৰ পুস্পবন গাঁৱৰ যদু বৰুৱা নামৰ আশীউৰ্ধৰ ব্যক্তিগৰাকীয়ে দাবী কৰা মতে গুলঞ্চ নামৰ এবিধ বনৌষধ নিয়মিত ব্যৱহাৰ ফলত ক'ৰণাৰ সহিতে ভাইৰাছজনিত কোনো ধৰণৰ ৰোগে মানৱ শৰীৰত স্পৰ্শ কৰিব নোৱাৰে । তেখেতে কোৱা মতে গুলঞ্চ নামৰ বনৌষধ বিধ সৰু সৰুকৈ কাটি গোটেই ৰাতি পানীত তিয়াই থৈ পুৱা খালি পেটত খালে বিজাণুৱে সহজে দেহত প্ৰৱেশ কৰিব নোৱাৰে ৷ অৱশ্যে কোনোলোক ক'ৰণাত আক্ৰান্ত হোৱাৰ পাছত এই বনৌষধ প্ৰয়োগ কৰি সুফল পোৱা নাযাব বুলিও জনাই যদু বৰুৱাই ।
বনৌষধে নিৰ্মুল কৰিব নেকি ক’ৰণা ? - গুলঞ্চ
মেৰাপানী অঞ্চলৰ যদু বৰুৱা নামৰ এগৰাকী আশীউৰ্ধৰ ব্যক্তিয়ে গুলঞ্চ নামৰ বনৌষধ নিয়মিত ব্যৱহাৰৰ ফলত ক'ৰণাৰ লগতে অন্য ভাইৰাছজনিত কোনো ধৰণৰ ৰোগে মানৱ শৰীৰত স্পৰ্শ কৰিব নোৱাৰে বুলি দাবী কৰে ৷
উল্লেখ্য যে, যদু বৰুৱাই মধুমেহ ৰোগৰ মহৌষধ ৰূপে পৰিচিত গুলঞ্চৰ ক'ৰণা প্ৰতিৰোধী ক্ষমতাৰ কথা সদৰী কৰাৰ পাছতে এতিয়া গুলঞ্চ ব্যৱহাৰকাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । আনহাতে, গুলঞ্চৰ নিয়মিত ব্যৱহাৰৰ ওপৰিও কোভিডৰ সকলো বিধি মানি চলিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে বৰুৱাই । বিজ্ঞানসন্মত পৰীক্ষা নিৰিক্ষাৰ অন্তত যদিহে যদু বৰুৱাৰ দাবী সত্য প্ৰমাণিত হয়, তেন্তে ক’ৰণা বিভিষিকাত ভুগি থকা মানৱ জাতিয়ে নিশ্চিত ভাৱে কিছু সকাহ পাব ।
লগতে পঢ়ক : মৰাণত মাইকযোগে ক’ৰণাৰ সজাগতা প্ৰশাসনৰ