অসম

assam

তিতাবৰত ক’ভিড আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু

By

Published : Apr 23, 2021, 9:37 PM IST

তিতাবৰৰ পূবালী নগৰত এগৰাকী মহিলা ক’ভিড-19 আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ মৃত্যু হোৱা মহিলা গৰাকী নাম মেহেৰুণ নেচা ৷ মৃত্যুৰ সময়ত মহিলা গৰাকীৰ বয়স হৈছিল ৪০ বছৰ ৷

covid-death-in-titabar-etv-bharat-news
তিতাবৰত ক’ভিড আক্ৰান্ত মহিলাৰ মৃত্যু

তিতাবৰ, 23 এপ্ৰিল : ক’ভিড-19 ৰ দ্বিতীয়টো ঢৌৱে ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে ৰাজ্যখনত ৷ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ইজনৰ পিছত আনজন লোক ৷ আজি তিতাবৰৰ পূবালী নগৰত এগৰাকী মহিলা ক’ভিড-19 আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে ৷ মৃত মহিলা গৰাকী নাম মেহেৰুণ নেচা ৷

বৃহস্পতিবাৰে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰোঁতে মহিলা গৰাকীৰ দেহত ধৰা পৰিছিল ক’ভিড-19 ৰ অৱস্থিতি ৷ উল্লেখ্য যে, ক’ভিড আক্ৰান্ত মহিলা গৰাকী হোম কোৱাৰেণ্টাইনত ৰখা হৈছিল ৷ মৃত্যুৰ সময়ত মহিলা গৰাকী বয়স ৪০ বছৰ হৈছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :বিলাসীপাৰাত পুনৰ এগৰাকী মহিলা ক'ভিড-১৯ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details