অসম

assam

ETV Bharat / state

COVID 19 বিশেষ ৰাজধানী ৰে'ল উপস্থিত মৰিয়নীত - মৰিয়নী জংচন

যাত্ৰী সকলৰ ভিতৰত আছিল যোৰহাট জিলাৰ 22 গৰাকী আৰু গোলাঘাট জিলাৰ 6 গৰাকী যাত্ৰী । আটাইকেইজন যাত্ৰীকে মৰিয়নী জংচনত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত যোৰহাটস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ৷

COVID 19 special train arrived Mariani station
COVID 19 বিশেষ ৰাজধানী ৰে'ল উপস্থিত মৰিয়নীত

By

Published : May 19, 2020, 4:16 PM IST

মৰিয়নী,19মে':COVID19 বিশেষ ৰাজধানী ৰে'ল আহি আজি উপস্থিত হয় মৰিয়নী জংচনত ৷ নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পলমকৈ মৰিয়নীত উপস্থিত হোৱা এই বিশেষ ৰাজধানী ৰে'ল খনৰ পৰা মৰিয়নীত নামে 28 জনকৈ যাত্ৰী ৷ এই যাত্ৰী সকলৰ ভিতৰত আছিল যোৰহাট জিলাৰ 22 গৰাকী আৰু গোলাঘাট জিলাৰ 6 গৰাকী যাত্ৰী । আটাইকেইজন যাত্ৰীকে মৰিয়নী জংচনত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত যোৰহাটস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ৷

COVID 19 বিশেষ ৰাজধানী ৰে'ল উপস্থিত মৰিয়নীত

আনহাতে,ৰে'ল যাত্ৰী সকলৰ মনোবল বৃদ্ধি কৰিবৰ বাবে যাত্ৰীসকলৰ কাষত থিয় দিয়ে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী৷ ইপিনে বিধায়কগৰাকীয়ে বৰ্তমান সময়ত COVID 19 সংক্ৰমণ বৃদ্ধিৰ মূলতে চৰকাৰৰ ভুল নীতি বুলি অভিযোগ উত্থাপন কৰি চৰকাৰৰ হেমাহীৰ বাবেই ৰাজ্যত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে বুলিও অভিযোগ কৰে ৷

COVID 19 বিশেষ ৰাজধানী ৰে'ল উপস্থিত মৰিয়নীত

লগতে পঢ়কঃকৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক কেন্দ্ৰ কৰি ফাঁচী বজাৰত আতংক

ABOUT THE AUTHOR

...view details