মৰিয়নী, 4 চেপ্তেম্বৰ:কাম সম্পূৰ্ণ নৌহওঁতেই মৰিয়নীত হালি পৰিছে আই পি ডি এছ আঁচনিৰ বিদ্যুতৰ খুটা ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশতে 24 ঘণ্টাই বিজুলীবাতিৰ যোগানৰ ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে, 2015 চনত শুভাৰম্ভণি কৰিছিল এই আঁচনিৰ ৷ 2015 চনত 45 হাজাৰ কোটি টকা ব্যয়েৰে ইণ্টিগ্ৰেটেড পাৱাৰ ডেভেলপমেণ্ট চমুকৈ আই.পি.ডি.এছ আঁচনিৰ শুভাৰম্ভণি কৰিছিল ৷ আঁচনি খনৰ অধীনত অসম ৰাজ্যিক বিদুৎ পৰিষদৰ অধীনস্থ এ.পি.ডি.চি.এলে ৰাজ্যৰ ভিন্ন স্থানত বিদ্যুৎ পৰিবাহী খুটা আৰু ট্ৰান্সফৰ্মাৰ স্থাপন কৰা হৈছে ৷ ব্যতিক্ৰম নহ'ল মৰিয়নীও ৷
মৰিয়নীত আই.পি.ডি.এছ আঁচনিৰ কামত অনিয়মৰ অভিযোগ - মৰিয়নীত আই.পি.ডি.এছ আঁচনিৰ কামত অনিয়মৰ অভিযোগ
2015 চনত 45 হাজাৰ কোটি টকা ব্যয়েৰে শুভাৰম্ভণি কৰা আই.পি.ডি.এছ আঁচনিৰ অধীনৰ কামত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে মৰিয়নীৰ একাংশ লোকে ৷ অভিযোগ অনুসৰি, কাম সম্পূৰ্ণ নৌহওঁতেই মৰিয়নীত হালি পৰিছে আই পি ডি এছ আঁচনিৰ বিদ্যুতৰ খুটা ৷
আই.পি.ডি.এছ আঁচনিৰ অধীনত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মৰিয়নীস্থিত নাগাজাংকা বিদ্যুৎ উপ সংমণ্ডলৰ পৰা নকছাৰি বিদ্যুৎ উপকেন্দ্ৰলৈ, 33 কে.ভিৰ উচ্চ ক্ষমতাসম্পন্ন প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘৰ বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰা হয় ৷ কিন্তু প্ৰায় 40-50 ফুট ওখ লোহাৰ টিউবলাৰ বিদ্যুতৰ খুটাবোৰ সম্প্ৰতি অতি বিপদজনক অৱস্থাত পৰি ৰৈছে ৷ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী খুটাবোৰ হালি পৰিছে ৷ খুটাবোৰ স্থাপনৰ কাম অতি নিম্ন মানদণ্ডৰ হোৱাৰ বাবেই এনে হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ যাৰ বাবে নাগাজাংকা বিদ্যুৎ উপ সংমণ্ডলৰ নিকটৱৰ্তী সোণোৱাল চাহ বাগিছাত থকা একাধিক লোহাৰ খুটা হালি পৰা পৰিলক্ষিত হৈছে ৷ সমগ্ৰ বিষয় সন্দৰ্ভত নাগাজাংকা উপ সংমণ্ডলৰ অভিযন্তা জ্যোতি প্ৰসাদ পেগুয়ে জনোৱা মতে, নিয়ম অনুসৰি 14-15 মিটাৰ ওখ লোহাৰ টিউবলাৰ খুটাবোৰ, আঢ়ৈৰ পৰা তিনি মিটাৰ দকৈ মাটিৰ তলৰ পৰা কংক্ৰীটেৰে পুতিব লাগে ৷ কিন্তু সোণোৱাল চাহ বাগিছাৰ বিদ্যুৎ পৰিবাহী খুটাবোৰ আঢ়ৈ মিটাৰটো বাদেই 1 মিটাৰো কংক্ৰীট কৰা হোৱা নাই ৷