অসম

assam

ETV Bharat / state

শিক্ষা বিভাগৰ নাই কোনো নিৰ্দেশনা: উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ ক্ষেত্ৰত অনিশ্চয়তা - নামভৰ্তি

উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিক কেন্দ্ৰ কৰি শিক্ষানুষ্ঠান সমূহত অনিশ্চয়তা ৷ শিক্ষা বিভাগৰ নাই কোনো নিৰ্দেশনা  ৷

college authority

By

Published : May 22, 2019, 4:09 PM IST

টীয়ক, 22মে' : অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰয়োজনীয় নিৰ্দেশনাৰ অভাৱত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰাৰ ক্ষেত্ৰত গভীৰ অনিশ্চয়তাৰ সন্মুখীন হৈছে শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষ। উচ্চতৰ মাধ্যমিক শ্ৰেণীত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্ত্তি বিনামূলীয়া কৰাৰ বাবে শিক্ষা বিভাগে বিগত বৰ্ষত লিখিত নিৰ্দেশনা অসমৰ শিক্ষানুষ্ঠান সমূহৰ মুৰব্বী সকললৈ প্ৰেৰণ কৰিছিল ।

শিক্ষা বিভাগৰ নাই কোনো নিৰ্দেশনা

এই নিৰ্দেশনা অনুযায়ী শিক্ষানুষ্ঠানসমূহত বিগত বছৰটোত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্ত্তি বিনামূলীয়া কৰা হৈছিল। কিন্তু চলিত বৰ্ষৰ বাবে পূৰ্বৰ শিক্ষা বিভাগৰ এই নিৰ্দেশনা কাৰ্যকৰী হ'ব নে নহয় সেই লৈ নিশ্চিত নহয় বহু শিক্ষানুষ্ঠানৰ মুৰব্বীসকল। ফলত চলিত বৰ্ষৰ নামভৰ্ত্তিক কেন্দ্ৰ কৰি এক অসুবিধাৰ সৃষ্টি হৈছে । শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে শীঘ্ৰে অসম চৰকাৰৰ শিক্ষা বিভাগক নামভৰ্ত্তি সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ আহ্বান জনাইছে। নিৰ্বাচনী সভা সমূহত ভোটাৰ ৰাইজক মোহাচ্ছন্ন কৰি বিভিন্ন আঁচনি ঘোষণা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ বাবেও বিভিন্ন আঁচনি গ্ৰহণৰ কথা ঘোষণা কৰিলেও সেই সমূহ ঘোষণা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন নকৰাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ABOUT THE AUTHOR

...view details