অসম

assam

By

Published : Nov 6, 2021, 10:48 PM IST

ETV Bharat / state

যোৰহাটত আৰক্ষী বিষয়াৰ সৈতে কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে ?

যোৰহাটত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ যোৰহাটৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসন তথা আৰক্ষী সকলৰ সৈতে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷

cm in jorhat
যোৰহাটত আৰক্ষী বিষয়াৰ সৈতে কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে ?

যোৰহাট, 6 নবেম্বৰ :শনিবাৰে যোৰহাটত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ যোৰহাটৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসন তথা আৰক্ষী সকলৰ সৈতে মুখ্যমন্ত্ৰী গৰাকী এক আলোচনাত মিলিত হয় ৷ এই আলোচনাৰ বিষয়ে সবিশেষ জনালে উজনি অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক (পূঃ) জিৎমল দলেই ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে আৰক্ষীয়ে কেনেদৰে অপৰাধ নিয়ন্ত্ৰণ কৰিব পাৰিব সেই বিষয়ে আলোচনা হয় বুলি তেওঁ উল্লেখ কৰে ৷ আৰক্ষীয়ে যিমান পাৰে সিমান সোনকালে চাৰ্জ শ্বীট দিব লাগে বুলিও মুখ্যমন্ত্ৰী দিলে নিৰ্দেশনা ৷ এই চাৰ্জ শ্বীট দিয়াৰ সময়ত বিভিন্ন বিভাগ জড়িত হৈ থাকে, এই বিভাগ সমূহৰ লগত সমন্বয় ৰক্ষা কেনেদৰে কৰিব পাৰি সেই বিষয়েও আলোচনা কৰা হয় ৷

যোৰহাটত আৰক্ষী বিষয়াৰ সৈতে কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে ?

এজাহাৰ লিখাৰ ক্ষেত্ৰত যি সকল লোকে লিখিব নাজানে, সেই সকলক সহায় কৰাতো সম্পূর্ণ বেলেগ ৷ কিন্তু যি সকলে এজাহাৰ লিখাতো প্ৰফেচন হিচাপে লৈছে সেই সকলৰ বিৰুদ্ধে নিশ্চিত ভাবে পদক্ষেপ লব লাগে বুলিও এই আলোচনাত উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

যোৰহাটত আৰক্ষী বিষয়াৰ সৈতে কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে ?

আনহাতে আৰক্ষীৰ সমস্যা সমূহ বিভিন্ন সময়ত সংশ্লিষ্ট মহলক অৱগত কৰি আহিছে বুলিও জনালে আৰক্ষী বিষয়া গৰাকীয়ে ৷ আৰক্ষীৰ বিষয়া সকলৰ বদলি হোৱাৰ পাছত নতুন বিষয়া সকল আহি যোৰহাটত খাপ খাবলৈ অলপ সময় লাগিছে বুলি কলে উজনি অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক (পূঃ) জিৎমল দলেই ৷

লগতে পঢ়ক :মাজুলীৰ লগতে আৰু কোন কোন সমষ্টিত হ’ব পাৰে উপ নিৰ্বাচন ?

ABOUT THE AUTHOR

...view details