যোৰহাট, 17 ডিচেম্বৰ :যোৱা বৃহস্পতিবাৰ অৰ্থাৎ 14 ডিচেম্বৰত আলফা (স্বাধীন) এ বোমা বিস্ফোৰণ কৰাৰ ঘটনাৰ পিচতেই দেওবাৰে যোৰহাট জিলালৈ ৰাওনা হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ যোৰহাটৰ ৰ’ৰৈয়া বিমানবন্দৰ পৰাৰ পোনে পোনে যোৰহাট আৱৰ্ত ভৱনলৈ আহে মুখ্যমন্ত্ৰীগৰাকী ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে আৱৰ্ত ভৱনত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উচ্চপ্ৰদস্থ বিষয়াসকলৰ লগত উন্নয়ণমূলক আঁচনিৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় ৷ ইফালে এই বৈঠকৰ সময়তে আৱৰ্ত ভৱনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত এক অনাকাংক্ষিত পৰিৱেশ সৃষ্টি কৰে এজন যুৱকে ।
এই যুৱকজনৰ ইচ্ছা আছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এবাৰ সাক্ষাৎ কৰাৰ । কিন্তু যুৱকজনক মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আৰক্ষী প্ৰশাসনে অনুমতি প্ৰদান নকৰাৰ বাবে সেই স্থানতে চিঞৰ বাখৰ কৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । এনেদৰে হঠাত এজন যুৱকে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হোৱাত আৰক্ষী আৰু প্ৰশাসনৰ লোকসকলৰ মাজত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ পিচত আৰক্ষীয়ে যুৱকজনক নিয়ন্ত্ৰণ কৰে যদিও মুখ্যমন্ত্ৰীয়ে আৱৰ্ত ভৱনৰ পৰাৰ ওলাই যোৱাৰ সময়ত আৰ্ৱত ভৱনৰ সন্মুখত পুনৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে যুৱকজনে ।