অসম

assam

By

Published : Dec 2, 2021, 6:36 PM IST

ETV Bharat / state

CITU, CWFI protest in Jorhat : যোৰহাটত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

নিৰ্মাণ শ্ৰমিক কল্যাণ আইন, ১৯৯৬ৰ স্বকীয়তা ৰক্ষাৰ দাবীত আজিৰে পৰা দুদিনীয়াকৈ দেশজুৰি CITU আৰু CWFIৰ কৰ্মকৰ্তাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । অসমতো বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠন দুটাৰ কৰ্মকৰ্তাই । যোৰহাটত প্ৰতিবাদী সমদল উলিয়ালে সদস্যসকলে(CITU hold protest rally in Jorhat) ।

CITU, CWFI protest in Jorhat
যোৰহাটত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

যোৰহাট, ২ ডিচেম্বৰ: দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো CITU আৰু CWFIৰ কৰ্মকৰ্তাই ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । নিৰ্মাণ শ্ৰমিক কল্যাণ আইন, ১৯৯৬ৰ স্বকীয়তা ৰক্ষাৰ দাবীত বৃহস্পতিবাৰে যোৰহাটত ৰাজপথলৈ ওলাই আহিল সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সদস্যসকল(CITU workers protest in Jorhat) । বিজেপি শাসনলৈ অহাৰ পাচত শ্ৰমিকসকলে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে । CITUৰ অধীনৰ নিৰ্মাণ শ্ৰমিকসকলে দেশজুৰি দুদিনীয়াকৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ।

যোৰহাটত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে যোৰহাটত প্ৰতিবাদী সমদল উলিওৱা হয় । এই প্ৰতিবাদী কাৰ্যসূচীত ৫ শতাধিক কৰ্মকৰ্তাই অংশ লয় । কৰ্মকৰ্তাসকলে অভিযোগ তোলে যে, যোৱা ২ বছৰ ধৰি অসমতো শ্ৰমিকসকলে চিকিৎসা, সন্তানৰ শিক্ষা আদিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ আছে । ভুৱা নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়ন সন্দৰ্ভত প্ৰতিবাদকাৰীসকলে দালালৰাজ বন্ধ কৰিবলৈ দাবী জনায় ।

লগতে ভুৱা নিৰ্মাণ শ্ৰমিকক চিনাক্ত কৰিবলৈও চৰকাৰক দাবী জনায় । আনহাতে, তেওঁলোকে অভিযোগ তোলে যে, নিৰ্মাণ শ্ৰমিকৰ মজুৰি বহু বছৰ ধৰি বৃদ্ধি হোৱা নাই ।

কিন্তু এতিয়া মূল্যবৃদ্ধি হোৱাৰ বাবে শ্ৰমিকসকলে হাৰাশাস্তি ভূগিবলগীয়া হৈছে । সেয়ে, মূল্যবৃদ্ধি ৰোধ কৰিবলৈ আৰু শ্ৰমিকৰ মজুৰি বৃ্দ্ধি কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে । শুকুৰবাৰেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব CITU আৰু CWFIৰ কৰ্মকৰ্তাই ।

লগতে পঢ়ক:শিৱসাগৰৰ তলাতল ঘৰত জাতীয় সংগ্ৰামী সেনাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details