যোৰহাট, 21 জানুৱাৰী :অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷
আগন্তুক বিধান সভা নিৰ্বাচন বাবে পূৰ্ণ প্ৰস্তুতি চলোৱাত পিছ পৰি থকা নাই নৱ-গঠিত আঞ্চলিক ৰাজনৈতিক দলসমূহো। অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলেও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ ৰাইজৰ মাজলৈ যাবলৈ ব্যাপক প্ৰস্তুতি চলাইছে ৰাইজৰ দলেও।