অসম

assam

By

Published : Jun 15, 2020, 12:00 PM IST

ETV Bharat / state

যোৰহাটত সেনাৰ জিম্মাত যুৱকৰ ৰহস্যজনক মৃত্যু

সেনাবাহিনীৰ অত্যাচাৰৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷

Boy died after detained by amry at Jorhat
যোৰহাটত সেনাই আটক কৰি নিয়া যুৱকৰ ৰহস্যজনক মৃত্যু

যোৰহাট,15 জুন: যোৰহাটৰ বৰহোলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ দেওবাৰে নিশা সেনাবাহিনীয়ে অভিযান চলাই আটক কৰি নিয়াৰ পিছতে ৰহস্যজনক ভাৱে মৃত্যু হৈছে জয়ন্ত বৰা নামৰ এজন যুৱকৰ । সেনাৰ অত্যাচাৰৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷

যোৰহাটত সেনাই আটক কৰি নিয়া যুৱকৰ ৰহস্যজনক মৃত্যু

উল্লেখ্য যে, দেওবাৰে মাজনিশা প্ৰায় 12 বজাত জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত হয় সেনাবাহিনীৰ এটা দল ৷ উপস্থিত হৈয়ে কোনো কাৰণ নজনোৱাকৈ যুৱকজনৰ কোঠাত তালাচী চলাই সেনাৰ দলটোৱে ৷ তালাচীৰ সময়ত যুৱক জনৰ ম'বাইল ফোনটো জব্দ কৰি যুৱক জনক ঘৰৰ পৰা লৈ যায় সেনাৰ দলটোৱে ৷

উল্লেখ্য যে, সেনাবাহীনৰ দলটো চৰাইদেউৰ ফিল্ট ৰেজিমেন্ট বুলি জানিব পৰা গৈছে। বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৰোণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে জয়ন্ত বৰাৰ মৃতদেহ ৷ ইফালে যুৱকজন সেনাৰ অত্যাচাৰ সহিব নোৱাৰি মৃত্যু হোৱা অভিযোগ তুলি ইয়াৰ উচিত তদন্তৰ দাবী কৰিছে যুৱক জনৰ পৰিয়ালে ৷

লগতে পঢ়কঃ নগাওঁ আৰক্ষীৰ অভিযানত কেঁকোসাপ, ব্ৰাউন চুগাৰসহ আটক দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details