যোৰহাট,১৯ ডিচেম্বৰ:মঙলবাৰে যোৰহাট ঢেকৰগঢ়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজহুৱা ৰংগমঞ্চত অনুষ্ঠিত হোৱা বিকশিত ভাৰত সংকল্প যাত্রাত অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী অতুল বৰাই । উক্ত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয় যে দেশৰ জনসাধাৰণৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ বাবে গ্ৰহণ কৰাৰ আঁচনি আৰু বিভিন্ন কাৰ্যসূচী জৰিয়তে আজি জনসাধাৰণ উপকৃত হৈছে আৰু এইক্ষেত্ৰত ৰাইজ সজাগ-সচেতন ।
লগতে তেওঁ কয় যে এটা সময়ত বহু বছৰ বছৰ ধৰি দেশ আৰু ৰাজ্যত কংগ্ৰেছে শাসন কৰিছিল । যদি সেই সময়ত বিভিন্ন কাৰ্যসূচী আৰু বিকাশৰ বাবে আঁচনি গ্ৰহণ কৰিলেহেতেন, তেতিয়া জনসাধাৰণৰ বিভিন্ন সমস্যাৰ সন্মুখীন ন'হলহেতেন । আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰিব বাবে গ্ৰহণ কৰা আত্মনিৰ্ভৰ অসমৰ লগতে বিভিন্ন কাৰ্যসূচী আৰু আঁচনি গ্ৰহণ কৰা কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।