অসম

assam

ETV Bharat / state

মৰিয়নীত জব্দ বৃহৎ সংখ্যক চাইকেল

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জব্দ কৰিলে চাইকেল ভৰ্তি বলেৰ' পিক আপ ভান

By

Published : Mar 28, 2019, 3:20 PM IST

মৰিয়নীত জব্দ বৃহৎ সংখ্যক চাইকেল

যোৰহাট, 28 মাৰ্চঃ মৰিয়নীত জব্দ বৃহৎ সংখ্যক চাইকেল । বিজেপিয়ে ভোটাৰক বিলাবলৈ অনাৰ অভিযোগ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ।মৰিয়নীত বৃহস্পতিবাৰে চাইকেল ভৰ্তি এখন বলেৰ' পিক আপ ভান জব্দ কৰে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী সহিতে কংগ্ৰেছী কৰ্মকৰ্তাসকলে ৷ জব্দ কৰা চাইকেলসমূহ গতাই দিয়ে ফ্লাইং স্কুৱাডক ৷

মৰিয়নীত জব্দ বৃহৎ সংখ্যক চাইকেল
ভোটাৰক প্ৰলোভনৰ অৰ্থে চাইকেল সমূহ বিজেপিয়ে বিনামূলীয়াকৈ বিলাবলৈ অনাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক কুর্মীয়ে । বৰ্তমান জব্দ কৰা AS-03BC-2941 নম্বৰৰ বলেৰ' সহ চাইকেল সমূহ দেবেৰাপাৰ আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি তদন্ত আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

...view details