টীয়ক, 24 আগষ্ট : কংগ্ৰেছৰ সাংগঠনিক দিশটো টনকিয়াল কৰাৰ উদ্দেশ্যে মঙলবাৰে সন্ধিয়া যোৰহাট জিলাৰ টীয়কত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ এই উপলক্ষে টীয়কৰ কলিয়াপানী ব্লক কংগ্ৰেছ সমিতিৰ কাৰ্যালয়ত এখন দলীয় সভাৰ আয়োজন কৰা হয় ৷
সভাত টীয়ক বিধানসভা সমষ্টিৰ দলীয় কৰ্মী সকলৰে মত বিনিময় কৰে সভাপতি গৰাকীয়ে ৷ ইয়াৰ লগতে সকলো পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীকে সংঘবদ্ধ হৈ দলীয় স্থিতি অধিক মজবুত কৰিবলৈ আহ্বান জনায় ৷
সভাত কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, বিজেপিৰ বিভিন্ন প্ৰলোভনত ভোল নগৈ টীয়কৰ কংগ্ৰেছ কৰ্মীসকলে যি স্থিতি গ্ৰহণ কৰিছে, সেয়া আন কৰ্মীসকলৰ বাবে অনুকৰণীয় । ইফালে, সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত টীয়কৰ বিধায়িকা গৰাকীক নিমাতী কইনা আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
টীয়ক সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ সৈতে সাংগঠনিক বৈঠক ভূপেন বৰাৰ লগতে পঢ়ক :পুতৌ লগা অৱস্থা চামগুৰিৰ নুৰুল হুছেইন ষ্টেডিয়ামৰ
সভাপতি গৰাকীয়ে কয়, টীয়কৰ সমস্যা বিধানসভাৰ মজিয়াত উত্থাপন নকৰি মৌন হৈ বহি থাকে বিধায়িকা গৰাকী । বিধানসভা হ'ল অসমৰ সমষ্টি সমূহৰ বিভিন্ন সমস্যা সমূহ উত্থাপন কৰাৰ স্থলী ।
যিসকল বিধায়কে বিধানসভাৰ ভিতৰে বাহিৰে নিজ নিজ সমষ্টিৰ সমস্যাৰ বিষয়ে সৰৱ হৈ থাকে তেওঁলোকৰ সমষ্টি সমূহৰ উন্নয়ন সাধন হৈছে । কিন্তু টীয়কৰ বিধায়িকা গৰাকীৰ নিমাতী কইনা ভূমিকাৰ বাবে টীয়কৰ উন্নয়ন স্তব্ধ হৈছে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷
লগতে পঢ়ক :ক'ভিডৰ তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য় বিভাগ: কেশৱ মহন্ত
উল্লেখ্য যে, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাই সোমবাৰে যোৰহাটৰ জনযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ৷ সাংবাদিকৰ প্ৰশ্ন উত্তৰত তেওঁ কয়, যোৰহাট জিলাৰ উপায়ুক্ত গৰাকীৰ নিমন্ত্ৰণ ৰক্ষা কৰিহে উক্ত অনুষ্ঠানলৈ তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱা গৈছিল ৷
দলীয় অনুষ্ঠানলৈ উপায়ুক্তই অভিসন্ধিমূলক ভাৱে আমন্ত্ৰণ জনোৱা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ৷ 'উপায়ুক্ত সকলে চৰকাৰী কাম-কাজত মনোনিবেশ কৰিব লাগে । উপায়ুক্ত গৰাকীয়ে শাসকীয় দলৰ হাথিয়াৰ হিচাপে কাম-কাজ কৰিলে শোভা নাপায় ।' সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
লগতে পঢ়ক :Microfinance Loan: ঋণ ৰেহায়ৰ ক্ষেত্ৰত এখোজ আগুৱালে চৰকাৰে