টীয়ক,21 মে': মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আজি টীয়কত এক সজাগতা সভা অনুষ্ঠিত হয় ৷ টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত ব্লক পৰ্যায়ত অনুষ্ঠিত সভাখনিত ব্লকৰ অন্তৰ্গত পঞ্চায়তৰ সভাপতি, জিলা পৰিষদ,আঞ্চলিক পঞ্চায়তৰ সদস্য ,ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়া তথা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় সচেতন ব্যক্তি উপস্থিত থাকে ৷ সজাগতা সভাখনিত বৰ্তমান বহিঃৰাজ্যৰ পৰা অহা ব্যক্তিসকলক চৰকাৰী নীতি নিৰ্দেশনা অৱলম্বন কৰাৰ লগতে কোৱাৰেণ্টাইন শিবিৰসমূহত খোৱা-বোৱা,ঔষধ-পাতি, চোৱা-চিতাকে ধৰি সকলো ক্ষেত্ৰত কিদৰে পৰ্যবেক্ষণ কৰিব লাগিব তাৰ ওপৰত আলোচনা কৰা হয় ৷
যোৰহাট জিলা প্ৰশাসনৰ উদ্য়োগত টীয়কত কৰ'ণা ভাইৰাছ সম্বন্ধীয় সজাগতা সভা - সজাগতা সভা
সজাগতা সভাখনিত বৰ্তমান বহিঃৰাজ্যৰ পৰা অহা ব্যক্তিসকলক চৰকাৰী নীতি নিৰ্দেশনা অৱলম্বন কৰাৰ লগতে কোৱাৰেণ্টাইন শিবিৰসমূহত খোৱা-বোৱা,ঔষধ-পাতি, চোৱা-চিতাকে ধৰি সকলো ক্ষেত্ৰত কিদৰে পৰ্যবেক্ষণ কৰিব লাগিব তাৰ ওপৰত আলোচনা কৰা হয় ৷
ইয়াৰ লগতে এই সকলো কাম-কাজ নিয়াৰিকে সম্পন্ন কৰিবলৈ স্থানীয়ভাৱে প্ৰতিটো ৱাৰ্ডতে জিলা প্ৰশাসনৰ সহযোগত একোখনকৈ সমিতি গঠন কৰাৰ দিহা কৰে আৰু সামাজিক দায়িত্ব পালন কৰি সকলোকে কৰ'ণা প্ৰতিৰোধত সহায় কৰিবলৈ আহ্বান জনায় যোৰহাট জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেবানন্দ দাসে৷ উল্লেখযোগ্য যে এই সজাগতা সভাত মুখ্য কাৰ্যবাহী বিষয়া গৰাকীৰ লগতে খণ্ড উন্নয়ন বিষয়া তথা টীয়কৰ চক্ৰ বিষয়া আকাশী দুৱৰা, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপাংকৰ গগৈ,যুৱ নেতা বিকাশ শইকীয়াকে আদি কৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
লগতে পঢ়কঃপ্ৰত্যেক জিলাৰ সমষ্টিত কোৱাৰেন্টাইন চেন্টাৰৰ প্ৰস্তুতিঃ কেশৱ মহন্ত