অসম

assam

Assam Nagaland border conflict : গাদী সুনিশ্চিত কৰাৰ স্বাৰ্থত অসম চৰকাৰে জীয়াই ৰাখিছে সীমা সমস্যা; আটাছু

By

Published : Mar 22, 2023, 9:03 PM IST

গাদী ৰক্ষাৰ স্বাৰ্থত জীয়াই ৰখা হৈছে সীমা সমস্যা ৷ এই দাবী সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৷ অসমৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰি এই মন্তব্য আগবঢ়ায় আটাছুৰ সভাপতিগৰাকীয়ে ( (Assam Nagaland border conflict) ৷

ATASU at Naga invasion land
অসমৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন আটাছুৰ

অসমৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন আটাছুৰ

যোৰহাট, 22 মাৰ্চ:ৰাজনৈতিক গাদী সুনিশ্চিত কৰাৰ স্বাৰ্থতে অসম নাগালেণ্ড সীমা সমস্যা জীয়াই ৰখা হৈছে বুলি ক্ষোভ প্ৰকাশ সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ ৷ অসম নাগালেণ্ড সীমা সমস্যাৰ বিবাদ নতুন নহয়, এয়া দীৰ্ঘদিনীয়া বুলি উল্লেখ কৰি এই সীমা সমস্যা সমাধান কৰাত তথা নগাৰ আগ্ৰাসী মনোভাৱ ৰোধ কৰাত অসম চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তোলে আটাছুৱে ৷ আজি আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বৰগোঁহাইৰ নেতৃত্বত সংগঠনটোৰ এটা সঁজাতি দলে নগাই আগ্ৰাসন চলোৱা অসমৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে (Naga encroachment in Assam border)।

পৰিদৰ্শন কালত আটাছুৰ সভাপতি মিলন বৰগোহাঁয়ে কয় যে, নগাই যি সময়ত অসমৰ ভূমিত বীৰদৰ্পে আগ্ৰাসন চলাই আহিছে সেই সময়ত কিন্তু নীৰৱে হাত সাৱটি বহি আছে অসম চৰকাৰ । নীৰৱে থকাৰ কাৰণ বাখ্যা কৰি আটাছু সভাপতি গৰাকীয়ে কয় যে, ৰাজনৈতিক গাদী ৰক্ষাৰ স্বাৰ্থতেই অসম চৰকাৰে এই সমস্যা জীয়াই ৰাখিব বিচাৰিছে । যদি অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে তেনেহলে আটাছুৱে নাগালেণ্ডৰ বিভিন্ন দল সংগঠন আৰু সচেতন লোকসকলৰ সৈতে আলোচনাত বহি এই সমস্যা সমাধানত গুৰুত্ব দিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ( Assam land occupied by Naga miscreants) ৷

ইয়াৰ পিচতো যদি সমস্যাটোৰ সমাধান নহয় তেন্তে আটাছুৱে অসমৰ জনসাধাৰণ সৈতে নগা আগ্ৰাসনৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰাম কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে । মন কৰিবলগীয়া যে, মৰিয়নিৰ অসম সীমান্তৰ তিৰু হিলচ আৰু দিচৈ ভেলীত বীৰদৰ্পে নগাই প্ৰৱেশ কৰি উক্ত ভূমি নিজৰ বুলি দাবী কৰি অসমৰ জনসাধাৰণক ভয় ভাবুকিৰে অত্যাচাৰ চলাই আহিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে (Assam Nagaland border conflict) ।

লগতে পঢ়ক :Municipal tax hike: পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

তাৰ পিছতো আজি কোপতি অসম প্ৰশাসনে নগা আগ্ৰাসনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত হোৱা নাই । তাৰ ফলশ্ৰুতিত এই বৰ্ষত নগাই ধাৰাবাহিকভাবে অসমৰ বনাঞ্চল ধ্বংস কৰি উক্ত স্থানত আগ্ৰাসন চলাই আহিছে । ফলত অসম প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভিত হৈছে ৰাইজ তথা বিভিন্ন দল সংগঠন । সমস্যাটো সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত আটাছুৱে গণতান্দ্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে (ATASU at Naga invasion land) ৷

ABOUT THE AUTHOR

...view details