অসম

assam

ETV Bharat / state

যোৰহাটত আছুকে ধৰি ৩০টা জনগোষ্ঠীয় সংগঠনৰ ৰণশিঙা - যোৰহাট

হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীয়ে কঁপাই তুলিলে সমগ্ৰ যোৰহাট অঞ্চল । জাতিধ্বংসী নাগৰিকত্ব আইন বাতিল নকৰিলে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন কৰাৰ ভাবুকি প্ৰদান প্ৰতিবাদকাৰীসকলৰ ।

ETV BHARAT
যোৰহাটত কাৰ বিৰুদ্ধে আছুকে ধৰি ৩০টা জনগোষ্ঠীয় সংগঠনৰ ৰণশিঙা

By

Published : Jan 9, 2020, 10:26 PM IST

যোৰহাট, ৯ জানুৱাৰীঃসমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ । হাজাৰ-হাজাৰ লোকে ডবা, শংখ বজাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা "ৰণশিঙা" প্ৰতিবাদী কাৰ্যসূচীত যোৰহাটত হাজাৰ-হাজাৰ ৰাইজে অংশগ্ৰহণ কৰে ৷ সদৌ অসম ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত চহৰখনৰ ষ্টেডিয়ামৰ সমীপৰ পৰা আৰম্ভ কৰা "ৰণশিঙা" প্ৰতিবাদী কাৰ্যসূচী চহৰখনৰ মাজৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে প্ৰতিবাদীকাৰী সকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি বিভিন্ন থলুৱা বাদ্য বজাই পৰিৱেশ উত্তাল কৰি তোলে ৷ অতিশীঘ্ৰে জাতিধ্বংসী আইনখন বাতিল কৰিবলৈ চৰকাৰক দাবী কৰে প্ৰতিবাদকাৰী সকলে ।

যোৰহাটত কাৰ বিৰুদ্ধে আছুকে ধৰি ৩০টা জনগোষ্ঠীয় সংগঠনৰ ৰণশিঙা

ABOUT THE AUTHOR

...view details