অসম

assam

ETV Bharat / state

Woman seeking help: মোক অসম চৰকাৰে উদ্ধাৰ কৰক, বিহাৰৰ পৰা এগৰাকী অন্তঃসত্বা মহিলাৰ আহ্বান - যোৰহাটৰ খবৰ

প্ৰতাৰিত হৈ সহায়ৰ ভিক্ষা খুজি ফেচবুক পোষ্ট এগৰাকী মহিলাৰ ৷ জানক সম্পূৰ্ণ ঘটনাটো কি-

Assam woman Facebook post seeking help after being cheated
সহায় ভিক্ষা

By

Published : Mar 22, 2023, 2:23 PM IST

ভুক্তভোগী মহিলা

যোৰহাট, 22 মাৰ্চ : ফেচবুকযোগে এগৰাকী অসমীয়া মহিলাক উদ্ধাৰৰ বাবে চৰকাৰলৈ কাতৰ আহ্বান ৷ বিহাৰৰ পৰা আহ্বান জনাইছে এগৰাকী মহিলাই (Assam woman seeking help after being cheated) ৷ ‘মোক অসম চৰকাৰে উদ্ধাৰ কৰক’- বহিঃৰাজ্য বিহাৰৰ পৰা ছ’চিয়েল মিডিয়া যোগে অসম চৰকাৰক প্ৰাণভিক্ষা বিচাৰিলে এগৰাকী দুৰ্ভগীয়া সাতমহীয়া অন্তঃসত্বা মহিলাই ।

প্ৰাপ্ত তথ্য মতে দেৰগাঁৱ সমষ্টিৰ নেঘেৰিটিং ফেটাবস্তিৰ মিনা কুৰ্মী নামৰ এগৰাকী যুৱতীক আজি প্ৰায় ডেৰ বছৰ পূৰ্বে দেৰগাঁৱত এখন হোটেলত কৰ্মৰত হৈ থকা বিহাৰৰ মধুবনী জিলাৰ চেডী মুখীয়া নামৰ এজন যুৱকে পলুৱাই নিছিল (Jorhat news) । বৰ্তমান ৭ মাহৰ গৰ্ভৱতী মিনা কুৰ্মীক বিহাৰৰ গৃহত শহুৰ শহুৰেকৰ লগত এৰি পলায়ন কৰিছে প্ৰতাৰক স্বামী চেডী মুখীয়াই । মিনাই স্বামীৰ লগত ম’বাইল ফোন যোগেও যোগসূত্ৰ স্থাপন কৰিব নোৱাৰি উপায়ন্তৰ হৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়া যোগেদি সকলো দুখ যন্ত্ৰণা আৰু নিৰ্যাতনকে আদি কৰি সকলো কথা বিৱৰি অসম চৰকাৰক বিহাৰৰ এই স্থানৰ পৰা উদ্ধাৰ কৰিবলৈ কাতৰ আহ্বান জনাইছে ।

ছ’চিয়েল মিডিয়া যোগে জনোৱা মতে এক প্ৰকাৰ গৃহ বন্দী কৰি ৰাখিছে মিনা কুৰ্মী নামৰ মহিলা গৰাকীক । শহুৰ শাহুৱেকে এতিয়া মানসিক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিছে । ছ’চিয়েল মিডিয়াত আপলোড কৰা উক্ত পোষ্ট পোৱাৰ পাছতেই নেঘেৰিটিঙৰ মাতৃগৃহ শোকস্তব্ধ হৈ পৰাৰ লগতে পৰিয়াল লোকেও অসম চৰকাৰ তথা প্ৰশাসনক মিনা কুৰ্মীক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য কৰাৰ প্ৰয়োজন যে বহিঃৰাজ্য একাংশ যুৱকে বিশেষকৈ ৰাজ্যখনৰ একাংশ পিছপৰা শ্ৰেণীৰ যুৱতীক বিয়াৰ প্ৰলোভন দেখুৱাই নাৰীদেহ চক্ৰৰ হাতত গতাই দিয়াৰ উপৰিও অকথ্য শাৰীৰিক নিৰ্যাতন চলায় (Assam woman Facebook post seeking help) । ইয়াৰ প্ৰমাণ শেহতীয়াকৈ মিনা কুৰ্মীৰ ঘটনাটোৱে দাঙি ধৰিছে । প্ৰশ্ন হয় বিহাৰ এই বন্ধ কঠুৰীৰ পৰাৰ অন্ত:সত্বা মীনা কুৰ্মীক উদ্ধাৰ কৰিবলৈ অসম প্ৰশাসন সক্ষম হ'বনে ?

লগতে পঢ়ক :Kaliabor Man Weaver news: কলিয়াবৰৰ এজন বিশেষ শিপিনিৰ কথাৰে

ABOUT THE AUTHOR

...view details