অসম

assam

ETV Bharat / state

অসম সাহিত্য সভাই সন্মান জনালে মেৰাপানীৰ জ্যেষ্ঠসকলক - Bohag bihu

বছৰৰ প্ৰথমটো দিনতে জ্যেষ্ঠজনক সেৱা জনাই আৰ্শীবাদ লোৱাটো অসমীয়া সমাজৰ এক পৰম্পৰা ৷ সেই পৰম্পৰা অক্ষুন্ন ৰাখি অসম সাহিত্য সভাই প্ৰতিবছৰে সমাজৰ জ্যেষ্ঠ ব্যক্তিসকলক পহিলা ব'হাগত সন্মান জনাই আহিছে ।

অসম সাহিত্য সভাই সন্মান জনালে মেৰাপানীৰ জ্যেষ্ঠসকলক
অসম সাহিত্য সভাই সন্মান জনালে মেৰাপানীৰ জ্যেষ্ঠসকলক

By

Published : Apr 15, 2021, 2:11 PM IST

তিতাবৰ,15 এপ্ৰিল:আজি পহিলা ব'হাগ অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ প্ৰথমতো দিন ৷ পূৰ্বৰ পৰম্পৰা অনুসৰি বছৰৰ প্ৰথমটো দিনতে জ্যেষ্ঠজনক সেৱা জনাই আৰ্শীবাদ লোৱাটো অসমীয়া সমাজৰ এক আদৰ্শ ৷ সেই পৰম্পৰা অক্ষুন্ন ৰাখি অসম সাহিত্য সভাই প্ৰতিবছৰে সমাজৰ জ্যেষ্ঠ ব্যক্তিসকলক পহিলা ব'হাগত সন্মান জনাই আহিছে। বিগত বছৰৰ দৰে এই বেলিও অসম সাহিত্য সভাৰ আহ্বান ক্ৰমে মেৰাপানীৰ দৈয়াং শাখা সাহিত্য সভাই পহিলা ব'হাগৰ পুৱাতেই মেৰাপানী অঞ্চলৰ কেইবাগৰাকীও জ্যেষ্ঠ লোকক লোকক সন্মান জনায় ৷

অসম সাহিত্য সভাই সন্মান জনালে মেৰাপানীৰ জ্যেষ্ঠসকলক

সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক একোখনকৈ বিহুৱান আৰু অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ স্বাক্ষৰ সম্বলিত এখনি ওলগনি পত্ৰও আগবঢ়াই। সাহিত্য সভাৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সম্বৰ্ধিত ব্যক্তিসকলে।

লগতে পঢ়ক: বৰপেটা সত্ৰৰ বৰ্ষফল গণনা অনুসৰি পুনৰ মুখ্যমন্ত্ৰী আসনত বহিব সোণোৱাল

ABOUT THE AUTHOR

...view details