যোৰহাট, ৩ মেঃ যোৰহাটৰ টীয়ক ভাৰতীয় ষ্টেট বেংকৰ এগৰাকী গ্ৰাহকৰ একাউণ্টৰ পৰা হৰলুকি ৪০ হেজাৰ টকা। কোনো দুষ্ট চক্ৰই উলিয়াই নিয়াৰ সন্দেহ গ্ৰাহকজনৰ।
ষ্টেট বেংকৰ একাউণ্টৰ পৰা হৰলুকি ৮০ হেজাৰ টকা - টীয়ক
পূৰ্বেও আন কেইবাজনো গ্ৰাহকৰ একাউণ্টৰ ধন দুষ্ট চক্ৰই মোকলাই নিছিল যদিও আৰক্ষী তথা বেংক কৰ্তৃপক্ষই এতিয়া লৈকৈ চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই দুষ্ট চক্ৰটোক ।
লক্ষীৰাম চাহু নামৰ গ্ৰাহক জনৰ 10758395195 নম্বৰৰ একাউন্টৰ পৰা ২ মে'ৰ দিনা গুৱাহাটীৰ জি এচ ৰোডৰ এটা এ টি এমৰ পৰা ৪০ হাজাৰ টকা এ টি এম কাৰ্ডৰে আৰু বাকী ৪০ হাজাৰ টকা এ টি এম ট্ৰেন্সফাৰৰ যোগেদি মুকলাই নিয়ে। গ্ৰাহক জনৰ নিজৰ হাতত এ টি এম থকাৰ পাছতো কি দৰে দুষ্ট চক্ৰই গ্ৰাহকজনৰ অজ্ঞাতে এনেদৰে ধন মুকলাই নিলে, সেই লৈ ৰহস্যৰ সৃষ্টি হৈছে । ইতিমধ্যে চাহুয়ে উক্ত ঘটনা সন্দৰ্ভত টীয়ক আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আন কেইবাজনো গ্ৰাহকৰ একাউণ্টৰ ধন দুষ্ট চক্ৰই উলিয়াই নিছিল যদিও আৰক্ষী তথা বেংক কৰ্তৃপক্ষই এতিয়া লৈকে চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই দুষ্ট চক্ৰটোক।
অধিক পঢ়িবলৈ-সৰুপথাৰত এন আৰ চিৰ নামত ধন লৈ গ্ৰেপ্তাৰ তিনি কৰ্মী