অসম

assam

BJP Maha jan Sampark Abhiyan: মহা জন সম্পৰ্ক অভিযান; তিতাবৰত ৰাজ্যিক যুৱ মৰ্চাৰ বাইক ৰেলী

By

Published : Jun 19, 2023, 7:13 PM IST

মহা জন সম্পৰ্ক অভিযানৰ অংশস্বৰূপে তিতাবৰত ৰাজ্যিক যুৱ মৰ্চাই সোমবাৰে বাহিৰ কৰে এক বিশাল বাইক ৰেলী ৷ যুৱ মৰ্চাৰ এই বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই ৷

Assam BJYM Bike Rally at Titabor
ৰাজ্যিক যুৱ মৰ্চাৰ বাইক ৰেলী

তিতাবৰত ৰাজ্যিক যুৱ মৰ্চাৰ বাইক ৰেলী

যোৰহাট, 19 জুন: তিতাবৰত বিজেপি যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী ৷ দেশজুৰি চলিছে ভাৰতীয় জনতা পাৰ্টিৰ মহা জন সম্পৰ্ক অভিযান ৷ মহা জনসম্পৰ্ক অভিযানৰ অংশস্বৰূপে তিতাবৰত ৰাজ্যিক যুৱ মৰ্চাই সোমবাৰে বাহিৰ কৰে এক বিশাল বাইক ৰেলী ৷ ভাৰতীয় জনতা পাৰ্টি তিতাবৰ যুৱ মৰ্চাৰ উদ্যোগত সোমবাৰে তিতাবৰ গুদু হলৰ পৰা নগৰৰ মাজেৰে এক বিশাল বাইক ৰেলী উলিওৱা হয় ৷

যুৱ মৰ্চাৰ এই বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই ৷ কয় যে, এই বাইক ৰেলীটো অন্যতকৈ পৃথক ৷ কাৰণ ৰাষ্ট্ৰীয় কমিটীৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক কমিটীয়ে সমগ্ৰ অসমতে প্ৰত্যেকতো সমষ্টিত আৰম্ভ কৰা হৈছে ৷ ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিশ্বাস আৰু বিকাশৰ সোণালী সময়খিনি সমাজৰ প্ৰত্যেকজন স্তৰৰ মানুহৰ মাজলৈ লৈ যোৱাৰ এক বাইক ৰেলী ৷ ইয়াৰ উদ্দেশ্যে হৈছে যুৱ প্ৰজন্ম, যুৱ প্ৰতিভাৰ সৈতে কৰা সম্পৰ্কৰ, প্ৰধানমন্ত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা যি উন্নয়নৰ গতি তাক বৰ্তাই ৰখাৰ বাবে হোৱা এক বাইক ৰেলী বুলি কয় নেতাজনে ৷

ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি কয় যে এই ৰেলীৰ উদ্দেশ্যে হৈছে যে, সমাজৰ সকলো স্তৰৰ লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰা ৷ ভাৰতীয় জনতা পাৰ্টী সদায় এটা কাৰ্যকৰ্তাৰ ওপৰত আধাৰিত এটা পাৰ্টী ৷ গতিকে মানুহৰ লগত সম্পৰ্কৰ জৰিয়তে সমাজখন কেনেদৰে গঢ়িব পাৰি সেই উদ্দেশ্যে ৰাজ্যিক যুৱ মৰ্চা তথা ভাৰতীয় জনতা পাৰ্টীয়ে ভৱিষ্যত দিনতো কাম কৰি যাব বুলি কয় তেওঁ ৷

লগতে নেতাজনে কয় যে, ক্ষমতাই একমাত্ৰ নহয় ৷ আমাক সমাজখনক লাগে ৷ আমি সদায় সমাজৰ শেষ শ্ৰেণীৰ ব্যক্তিৰ স্বাৰ্থত কাম কৰো ৷ সম্পৰ্কৰ জৰিয়তেহে সমাজখন গঢ়িব পাৰি ৷ গতিকে আমি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগত সম্পৰ্কৰ জৰিয়তে কিদৰে ভাৰতীয় জনতা পাৰ্টীয়ে সমাজখনক নতুন ৰূপত গঢ়ি তুলিব পাৰো সেই উদ্দেশ্যেৰে কাম কৰাটো আমাৰ মূল লক্ষ্য বুলি মন্তব্য কৰে তেওঁ ৷

তিতাবৰ নগৰৰ মাজেৰে উলিওৱা এই বাইক ৰেলীত ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্বাংকু অংকুৰ বৰুৱাৰ লগতে সাধাৰণ সম্পাদক তাপস কলিতাকে ধৰি ৰাজ্যিক, জিলা আৰু তিতাবৰৰ ভালে সংখ্যক নেতা-কৰ্মীয়ে অংশ লয় ৷

লগতে পঢ়ক:AASU General Secretary: জনপ্ৰতিনিধিসকলৰ তৰল আৰু সংগতিহীন মন্তব্যই অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ; শংকৰজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details