উৎকট গৰমঃ কি দৰে সুস্থ ৰাখিব নিজকে ? - Jorhat
উৎকট গৰমে জ্বলাকলা খুৱাব পাৰে আপোনাকো ৷ গৰমৰ ফলত আপুনিও আক্ৰান্ত হ‘ব পাৰে বিভিন্ন ৰোগত ৷ এনেবোৰ ৰোগৰ পৰা কি দৰে নিজকে বচাই ৰাখিব পাৰিব সেই সম্পৰ্কে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে চিকৎসকে ৷
উৎকট গৰম
যোৰহাট,13 জুনঃউৎকট গৰমে দহিছে ৰাজ্য ৷ এই গৰমৰ সময়চোৱাত আপোনাৰ শৰীৰত দেখা দিব পাৰে বিভিন্ন ৰোগে ৷ গৰমে কঢ়িওৱা এই বিপদৰ পৰা কিদৰে পৰিত্ৰাণ পাব আপুনি এই সম্পৰ্কে আগবঢ়োৱা ডাক্তৰৰ পৰামৰ্শ-
- উৎকট গৰমৰ পৰা হাত সাৰিবলৈ অধিক বিশুদ্ধ পানী খোৱাৰ পৰামৰ্শ
- ফাষ্ট ফুড, বটলৰ শীতল পানীয়, বাহিৰৰ খাদ্য আদি গ্ৰহণ নকৰিবলৈ পৰামৰ্শ
- সহজেই হজম হোৱা আহাৰ গ্ৰহণ কৰক
- ফল-মূল অধিক পৰিমাণে খাওঁক
- কপাহী বস্ত্ৰ পৰিধান কৰক