অসম

assam

By

Published : Feb 20, 2020, 11:29 PM IST

ETV Bharat / state

আটকাধীন বিজেপি নেতাৰ ওচৰত নতশিৰ যোৰহাট আৰক্ষীৰ

বিজেপি পালিনেতাৰ ওচৰত আৰক্ষীয়ে আত্মসমৰ্পণ কৰা ঘটনাকলৈ যোৰহাটত চাঞ্চল্য ৷ জামিন বিহীন গোচৰত গ্ৰেপ্তাৰ কৰা বিজেপি পালিনেতাক মোকলি কৰি দিলে আৰক্ষীয়ে ৷

Arrested BJP leader release by Jorhat Police
আটকাধীন বিজেপি নেতাৰ ওচৰত নতশিৰ যোৰহাট আৰক্ষীৰ

যোৰহাট,20 ফেব্ৰুৱাৰী: বিজেপি পালিনেতাৰ ওচৰত আৰক্ষীয়ে আত্মসমৰ্পণ কৰা ঘটনাকলৈ যোৰহাটত চাঞ্চল্য ৷ জামিন বিহীন গোচৰত গ্ৰেপ্তাৰ কৰা বিজেপি পালিনেতাক আৰক্ষীয়ে এৰি দিয়া ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সচেতন মহলৰ মাজত ৷

উল্লেখ্য বিগত 17 ফেব্ৰুৱাৰীৰ নিশা যোৰহাটৰ মাছৰহাটৰ এগৰাকী মহিলাৰ নিৰুদ্দেশৰ তদন্ত কৰিবলৈ আৰক্ষী বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত দক্ষিণ সৰ্বাইবন্ধালৈ গৈছিল আৰক্ষীৰ এটা দল । মোবাইল ল'কেচন ট্ৰেক কৰি উক্ত অঞ্চলৰ বাসিন্দা সকলক মহিলাগৰাকীৰ বিষয়ে সোধপোচ কৰিছিল আৰক্ষীয়ে ৷ কিন্তু উক্ত ভাড়াঘৰত আৰক্ষীয়ে প্ৰৱেশ কৰোতেই আৰক্ষীক ভাবুকি প্ৰদান কৰিলে বিজেপিৰ ক্ষমতাৰে বলীয়ান গোবিন বৰাই ৷ আনকি কাকোকে কেৰেপ নকৰা গোবিনে আবদ্ধ কৰি ৰাখিছিল তদন্তৰ বাবে যোৱা আৰক্ষীৰ দলটোক ৷

আটকাধীন বিজেপি নেতাৰ ওচৰত নতশিৰ যোৰহাট আৰক্ষীৰ

ইয়াৰ পাছতেই আৰক্ষীৰ বিষয়া সঞ্জয় ৰয়ৰ সৈতে হতাহতিত লিপ্ত হৈছিল যোৰহাট জিলাৰ বিজেপি যুৱনেতা গোবিন বৰা ৷ ইয়াৰ উপৰিও যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱ কুমাৰ বৰাৰ সৈতেও হতাহতিত লিপ্ত হৈছিল জিলাৰ বিজেপি যুৱনেতা গোবিন বৰা ৷ কেৱল ইমানতে ক্ষান্ত নাথাকি আৰক্ষীৰ বাহনৰো ক্ষতিসাধন কৰাৰ বাবে আৰক্ষীয়ে ৩৫৯/২০ গোচৰ নম্বৰত ৩৫৩/২৯৪/৪২৭/৫০৬ ধাৰাত জামিন বিহীন গোচৰ ৰুজু কৰিছিল যোৰহাট জিলাৰ বিজেপি যুৱনেতা গোবিন বৰাৰ বিৰুদ্ধে ৷ কিন্তু অতি ৰহস্যজনক ভাৱে বৃহস্পতিবাৰে আৰক্ষীয়ে মোকলাই দিয়ে বিজেপিৰ বলেৰে বলীয়ান গোবিন বৰাক ৷

এই ঘটনাৰ পাছতে সচেতন মহলৰ মাজত উদয় হৈছে এক বৃহৎ প্ৰশ্নৰ ৷ খোদ আৰক্ষীৰ ওপৰতে অতপালি কৰা গোবিনৰ ওচৰত নতশিৰ হ'ল নেকি যোৰহাট আৰক্ষীৰ?

লগতে পঢ়ক : প্ৰয়াত বিধায়ক প্ৰণৱ গগৈৰ ঘৰত উপস্থিত হৰিশ ৰাৱাট

For All Latest Updates

ABOUT THE AUTHOR

...view details