যোৰহাট, 7 নৱেম্বৰ :যোৰহাটৰ হোমিঅ'পেথিক মহাবিদ্যালয়ৰ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰাক্ ক্ষণত সোমবাৰে যোৰহাট জিলা কংগ্ৰেছে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগত এই সন্দৰ্ভত আলোচনাত মিলিত হয় (Jorhat Homeopathic College) ৷ যোৰহাট জিলা কংগ্ৰেছৰ বিষয়ববীয়া সৈতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (APCC working president Rana Goswami) মহাবিদ্যালয়খনৰ অধ্যক্ষক লগ ধৰি চৰকাৰে বন্ধৰ বাবে লোৱা সিদ্ধান্তৰ বিষয়ে আলোচনা কৰে ৷
প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰীৰ সভাপতি ৰাণা গোস্বামীয়ে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ এই ধ্বংসমুখী সিদ্ধান্তক তীব্ৰ গৰিহণা দিয়া লগতে চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে ইতিমধ্যে যোৰহাট হোমিঅ’পেথিক কলেজৰ লগতে নগাঁৱৰ হোমিঅ’পেথিক কলেজ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি গুৱাহাটী হোমিঅ’পেথিক কলেজ লগত একত্ৰীকৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷
চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাট আৰু নগাঁও জিলাৰ লগত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যোৰহাট হোমিঅ’পেথিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগত আলোচনা কৰি গোস্বামীয়ে এইখন চৰকাৰৰ দিনত সহস্ৰাধিক অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈছে বুলি মত প্ৰকাশ কৰে ৷ তেওঁ চৰকাৰক যোৰহাট, নগাঁৱৰ হোমিঅ’পেথিক কলেজ বন্ধ কৰা পৰিবৰ্তে নতুন পৰিকল্পনাৰে আৰম্ভ কৰিবলৈ কয় ।