অসম

assam

ETV Bharat / state

ৰেচম বিভাগৰ জগদুৱাৰস্থিত মুগা সঁচ প্ৰকল্পৰ দুৰবস্থা - মুগা সঁচ প্ৰকল্প

বনাই, গায়ন গাঁৱকে ধৰি বৃহত্তৰ অঞ্চলটোৰ মুগা পালক সকলক সহায় কৰাৰ উদ্দেশ্যে জগদুৱাৰত মুগা সঁচ প্ৰকল্পৰ স্থাপন কৰা হৈছিল ৷ কিন্তু চৰকাৰী এই বিয়াগোম বিভাগটোৰ প্ৰকল্পত নিয়োজিত বিষয়া কৰ্মচাৰী সকলে বিভাগটোত লুন্ঠনৰাজ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Anomalies in Silk department
মুগা সঁচ প্ৰকল্পৰ দুৰবস্থা

By

Published : Dec 29, 2019, 3:14 PM IST

টীয়ক, 29 ডিচেম্বৰঃঅসম চৰকাৰৰ ৰেচম বিভাগৰ অধীনস্থ জগদুৱাৰস্থিত মুগা সঁচ প্ৰকল্পৰ পঁয়া লগা অৱস্থাই মুগা পালক সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বনাই, গায়ন গাঁৱকে ধৰি বৃহত্তৰ অঞ্চলটোৰ মুগা পালক সকলক সহায় কৰাৰ উদ্দেশ্যে এই প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছিল ৷ কিন্তু চৰকাৰী এই বিয়াগোম বিভাগটোৰ প্ৰকল্পত নিয়োজিত বিষয়া কৰ্মচাৰী সকলে মাহেকৰ মূৰত কেৱল দৰমহা লৈয়ে সময় অতিবাহিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জগদুৱাৰস্থিত মুগা সঁচ প্ৰকল্পৰ দুৰবস্থা
ইপিনে প্ৰকল্পটোৰ পৰা কৃষক ৰাইজে সুফল নাপালেও একাংশলোকে বিভাগটোৰ বিষয়াৰ পৃষ্ঠপোষকতাত প্ৰকল্পটোৰ আন্তঃগাঠনি উন্নয়নৰ নামত যধে-মধে প্ৰকল্পটোৰ চৌহদত গৃহ নিৰ্মাণ কৰি চৰকাৰী পুঁজিৰ শৰাধ পতাৰ লগতে ঠিকাদাৰ, বিষয়াই মিলি চৰকাৰী ধন উদৰস্থ কৰাৰ অভিযোগ উত্থাপিত উঠিছে। ইপিনে পূৰ্বৰ পৰাই চৌহদটোত থকা কেইবাটাও গৃহ ব্যৱহাৰ নকৰাকৈয়ে জহি-খহি যোৱাৰ পাচত সেই সমূহ গৃহ মেৰামতিৰ ব্যৱস্থা নকৰি কাষতে নতুন গৃহ নিৰ্মাণ কৰা কাৰ্যক সমালোচনা কৰিছে মুগা পালক সকলে। সেয়ে মুগা পালক সকলে তেওঁলোকৰ সহায়ক হ'ব পৰা আঁচনি গ্ৰহণ কৰাৰ পৰিৱৰ্তে ৰেচম বিভাগৰ একাংশ বিষয়াই চৰকাৰী ধন উদৰস্থ কৰি অব্যাহত ৰখা এনে লুন্ঠনৰাজ বন্ধ কৰাৰ হুংকাৰ দিছে৷

ABOUT THE AUTHOR

...view details