টীয়ক, ৩০ নৱেম্বৰ:অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ বিংশতিতম দ্বিবাৰ্ষিক অধিবেশনখন মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাকজান আঞ্চলিক সমিতিৰ আতিথ্য়ত কাকজান গাড়োৱালচুঙীত আৰম্ভ হৈছে (Annual Session of Jorhat AJYCP) । এই অধিবেশনৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পিছতে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । অধিবেশন উপলক্ষ্যে উলিওৱা শোভাযাত্ৰাত অসমৰ বাৰেচহৰীয়া সংস্কৃতিৰ প্ৰতিফলন ঘটে ।
উল্লেখ্য় যে সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে অধিবেশনস্থলীত এখনি মুকলি সভা অনুষ্ঠিত হয় । সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ৰাইজৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে । সভাখনত অসমৰ লগতে বিশেষকৈ যোৰহাট জিলাৰ জ্বলন্ত সমস্যাৰাজিক চৰকাৰৰ লগতে স্থানীয় প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ বাবে সজোৰে উত্থাপন কৰাৰ অংগীকাৰ লয় জিলা সমিতিয়ে ।