অসম

assam

ETV Bharat / state

অনাথ আশ্ৰমৰ পৰা আজি মানৱ সম্পদ গঢ় দিয়ালৈকে; এই যাত্ৰা সহজ নাছিল - লেখিকা জ্যোতিৰেখা হাজৰিকা

অনাথ আশ্ৰমত থাকি কি দৰে প্ৰতিষ্ঠা হ’ব পাৰি সেয়া বাট দেখুৱালে জিতুমনি হাজৰিকাই । নিৰাশ্ৰয় শিশুগৃহত অনাথ শিশুক কাষত লৈ জিতু হাজৰিকাই উন্মোচন কৰিলে কাব্যপুথি ।

an inspirational story of a man brought up in an Orphanage in jorhat
এই যাত্ৰা সহজ নাছিল

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 7:47 PM IST

কাব্যপুথি উন্মোচন

যোৰহাট, 4 ডিচেম্বৰ :তেতিয়াৰ দিনৰএগৰাকী অনাথ শিশু আজি দিনত সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি ৷ নানা ধৰণৰ ঘাত-প্ৰতিঘাতক অতিক্ৰম কৰি দ-গাঁও নিৰাশ্ৰয় শিশুগৃহত থাকি, তাৰ পৰাই শিক্ষা-দীক্ষা গ্ৰহণ কৰি সমাজত সু প্ৰতিষ্ঠিত হৈছে ব্যক্তিজন ৷ আজি তেওঁ মানৱ সম্পদ গঢ় দিয়াত ব্ৰতী হোৱাৰ লগতে এগৰাকী কবি হিচাপে পৰিচিত, নাম জিতুমণি হাজৰিকা । এইগৰাকী কবি আজি পুনৰ উভতি গল ল’ৰালি কাললৈ ৷ শৈশৱ কালত অনাথ আশ্ৰমত অতিবাহিত কৰাৰ সেই দিনবোৰকে সুঁৱৰি তেওঁ লিখি উলিয়ালে এখন কবিতাপুথি ৷ সোমবাৰে দ-গাঁও নিৰাশ্ৰয় শিশু গৃহৰ অনাথ শিশুসকলক লগত লৈ জিতুমণি হাজৰিকাই কাব্যপুথি "খাটি খোৱা মানুহৰ দুখ" 'উন্মোচন কৰি পাঠক সমাজৰ মাজলৈ আগবঢ়াই দিয়ে ।

দেওবাৰৰ অনুষ্ঠানটোত জিতুমণি হাজৰিকাৰ "খাটি খোৱা মানুহৰ দুখ" নামৰ কাব্যপুথিখন উন্মোচন কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা কবি আৰু লেখিকা জ্যোতিৰেখা হাজৰিকাই । জিতুমণি হাজৰিকাই ১৯৭৫ চনত প্ৰতিষ্ঠা হোৱা দ-গাঁও নিৰাশ্ৰয় শিশুগৃহত থাকি কঠোৰ সংগ্ৰাম আৰু তিক্ত অভিজ্ঞতা বুকুত লৈ কিদৰে আজিৰ সমাজত প্ৰতিষ্ঠিত হ’ল সেই কথা সুঁৱৰি আৱেগিক হৈ পৰে তেওঁ ৷

তেওঁ চৰকাৰলৈ আহ্বান জনাই যাতে অনাথ আশ্ৰমসমূহত পৰ্যাপ্ত সা-সুবিধা চৰকাৰে যোগান ধৰে । নিৰাশ্ৰয় গৃহৰ পৰা যাত্ৰা আৰম্ভ কৰি এই পৰ্যায়ত উপনীত হোৱা কঠোৰ সংগ্ৰামৰ ছবিখনে এই গৃহত থকা শিশুসকলক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা লোকসকলে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক :প্ৰাক্তন সাংসদ ভদ্ৰেশ্বৰ তাঁতীৰ বিয়োগত শোকস্তব্ধ গুণমুগ্ধ

ABOUT THE AUTHOR

...view details