অসম

assam

ETV Bharat / state

Exceptional Office Campus: মনোমোহা পাৰিপাৰ্শ্বিক পৰিৱেশে ভৰা এটা বিশেষ চৰকাৰী কাৰ্যালয় - মধ্য হোলোঙাপাৰ গাঁও পঞ্চায়ত কাৰ্যালয়

টীয়কৰ এক চৰকাৰী কাৰ্যালয়ৰ ব্যতিক্ৰমী পৰিৱেশ (Exceptional environment of a government office) ৷ কাৰ্যালয়টোৰ পাৰিপাৰ্শ্বিক পৰিৱেশে আকৰ্ষিত কৰিব আপোনাকো ৷ পিছে ক’ত আছে চৰ্চাত থকা এই চৰকাৰী কাৰ্যালয়টো ? সবিশেষ এই প্ৰতিবেদনত...

an exceptional environment of a government office
মনোমোহা পাৰিপাৰ্শ্বিক পৰিৱেশে ভৰা এটা বিশেষ চৰকাৰী কাৰ্যালয়

By

Published : Jan 2, 2022, 5:05 PM IST

টীয়ক, 2 জানুৱাৰী :এটা ব্যতিক্ৰমী চৰকাৰী কাৰ্যালয় ৷ এক আশ্ৰম সদৃশ চৰকাৰী কাৰ্যালয়টোৰ পৰিৱেশ ৷ এই চৰকাৰী কাৰ্যালয়ৰ মনোমোহা পাৰিপাৰ্শ্বিক পৰিৱেশে আপোনাকো আকৰ্ষিত কৰিব (Exceptional environment of a government office)। আমি কৈ থকা এই চৰকাৰী কাৰ্যালয়টো আছে টীয়কত ৷ টীয়কৰ 23 নং মধ্য হোলোঙাপাৰগাঁও পঞ্চায়তৰ কাৰ্যালয়টোলৈ (23 no madhya holongapar GP office) যদি সোমাই আহে তেন্তে চৌহদৰ সেউজীয়াই আপোনাক আদৰণি জনাব ৷ লগতে চৌহদৰ প্ৰতি জোপা গছত সংস্থাপিত কৰা অৰ্কিডে আপোনাক হাত বাউল দি মাতিব কাৰ্যালয়টোলৈ ।

কি নাই এই চৰকাৰী কাৰ্যালয়টোৰ চৌহদত । হোলোঙাপাৰগাঁও পঞ্চায়তৰ কাৰ্যালয়টোৰ চৌহদত আছে প্ৰায় চাৰি বিঘা মাটিৰ চাহ গছ । তাৰ মাজে মাজে আছে প্ৰায় শতাধিক সাঁচি গছ, আম, জলফাই, মধুৰীআম, কঁঠাল, কৰ্দৈ, পাণ-তামোলৰ গছ ইত্যাদি । আনকি কাৰ্যালয়টোৰ প্ৰায় প্ৰতি জোপা গছত সংস্থাপন কৰা হৈছে বিভিন্ন প্ৰজাতিৰ অৰ্কিড ।

মনোমোহা পাৰিপাৰ্শ্বিক পৰিৱেশে ভৰা এটা বিশেষ চৰকাৰী কাৰ্যালয়

কেৱল এয়াই নহয় চৰকাৰী কাৰ্যালয়টোৰ চৌহদত আছে বিশুদ্ধ খোৱা পানীৰ এটা প্ৰকল্পও (Pure Drinking Water Project) । যি প্ৰকল্পৰ পৰা স্থানীয় ৰাইজে উৎসৱ-পাৰ্বনত সুলভ মূল্যত লাভ কৰিব পাৰে বিশুদ্ধ খোৱা পানী । তেনেদৰে চৰকাৰী কাৰ্যালয়টোৰ চৌহদত আছে মৎস্য পালনৰ বাবে এটা পুখুৰীও ।

চৰকাৰী কাৰ্যালয়টোৰ বাবে প্ৰয়োজনীয় অন্যান্য খৰচ আদি যাতে এই সমূহৰ পৰা আহৰণ কৰিব পাৰি তাৰ বাবে এই ব্যতিক্ৰমী প্ৰয়াস । পৰিস্কাৰ পৰিচন্নতাৰ বাবে চৰ্চালৈ আহা টীয়কৰ মধ্য হোলোঙাপাৰ গাঁও পঞ্চায়ত কাৰ্যালয়টো এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ।

লগতে পঢ়ক :পৰ্যটনৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ লৈ বিশ্বনাথৰ এখন জনজাতীয় গাঁও

ABOUT THE AUTHOR

...view details