অসম

assam

ETV Bharat / state

যোৰহাটত ক'লা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন আক্ৰাছুৰ - akrasu black flag marse at jorhat

যোৰহাটত কোচ ৰাজবংশী ছাত্ৰ সন্থাই পালন কৰে প্ৰতাৰণা দিৱস ৷ যোৰহাটৰ চিলাৰায় ভৱনত ক'লা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন কৰে আক্ৰাছুই ।

যোৰহাট
যোৰহাটত কলা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন আক্ৰাছুৰ

By

Published : Aug 28, 2020, 8:33 PM IST

যোৰহাট, 28 আগষ্টঃ শুকুৰবাৰে যোৰহাটৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাই উত্তোলন কৰিলে ক'লা পতাকা ৷ যোৰহাটৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় উপ-পথৰ কাষত অৱস্থিত চিলাৰায় ভৱনত ক'লা পতাকা উত্তোলন কৰি পালন কৰে প্ৰতাৰণা দিৱস ৷ লগতে যোৰহাট জিলা সমিতিয়ে কোচ ৰাজবংশী সকলক এই প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰিবলৈ আহ্বান জনায় ৷

যোৰহাটত ক'লা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন আক্ৰাছুৰ

উল্লেখ্য যে, ১৯৪৯ চনৰ ২৮ আগষ্টত স্বাধীন "কমতাপুৰ ৰাজ্য" অৱলুপ্তি হৈছিল । কোচ ৰাজ্যৰ শেষ নৃপতি দ্বীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ আৰু ভাৰতবৰ্ষৰ সেই সময়ৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ মাজত হোৱা এখন চুক্তিৰ বাবেই অৱলুপ্তি ঘটে "কমতাপুৰ ৰাজ্য"ৰ । কিন্তু সেই তেতিয়া পৰা বৰ্তমানলৈকে বৃহত্তৰ জাতিটোৱে পৃথক মযৰ্দা বাদেই জনজাতিকৰণো নহ'ল । যাৰ বাবে প্ৰত্যক বছৰে 28 আগষ্টৰ দিনটো ৰাজ্যজুৰি ক'লা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷

লগতে পঢ়কঃ পাঠশালাত জিলা পৰিৱহন বিষয়া হিমাংশু দাসৰ KMCৰ বিৰুদ্ধে অভিযান

ABOUT THE AUTHOR

...view details