অসম

assam

By

Published : Feb 9, 2021, 1:41 PM IST

Updated : Feb 9, 2021, 2:06 PM IST

ETV Bharat / state

অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ অধিক অৱনতিঃ চিকিৎসালয়ত ভৰ্তি

মঙলবাৰৰ পুৱাৰে পৰা জ্বৰত আক্ৰান্ত হোৱাৰ লগতে কেইবাবাৰো বমি হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । সম্প্ৰতি দুৰ্বল আৰু শয্যাশায়ী হৈ থকা অখিল গগৈৰ মাতৃক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ।

অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ অধিক অৱনতিঃ চিকিৎসালয়ত ভৰ্তি
অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ অধিক অৱনতিঃ চিকিৎসালয়ত ভৰ্তি

যোৰহাট,9 ফেব্ৰুৱাৰীঃকাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি হৈ পৰিছে । মঙলবাৰৰ পুৱাৰে পৰা জ্বৰত আক্ৰান্ত হোৱাৰ লগতে কেইবাবাৰো বমি হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । সম্প্ৰতি দুৰ্বল আৰু শয্যাশায়ী হৈ থকা অখিল গগৈৰ মাতৃক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ।

অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ অধিক অৱনতিঃ চিকিৎসালয়ত ভৰ্তি

উল্লেখযোগ্য যে, অখিল গগৈ কাৰাগাৰত থকা অৱস্থাৰ পৰাই শাৰীৰিক আৰু মানসিক ভাৱে দূৰ্বল হৈ পৰিছিল প্ৰিয়দা গগৈ । বাৰে বাৰে পুত্ৰ অখিলক কাষত বিচাৰি উচুপি উঠিছে ৰোগীয়া মাতৃ । কান্দি কান্দি অখিলৰ মাতৃয়ে উল্লেখ কৰিছে ‘মই বাচি নাথাকিম । অখিলৰ মুখ খন শেষবাৰৰ বাবে চাবলৈ মন গৈছে ।’

লগতে পঢ়কঃ কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা: নিহত 3জন

Last Updated : Feb 9, 2021, 2:06 PM IST

ABOUT THE AUTHOR

...view details