অসম

assam

ETV Bharat / state

অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত নামিল আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ - ajycp and aasu

যোৰহাটত অসমীয়া ভাষা প্ৰয়োগ নকৰা ভাৰতীয় জীৱন বীমা নিগমৰ বেনাৰ আৰু হৰ্ডিং আঁতৰালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ একাংশ কৰ্মীয়ে ৷

ajycp and aasu
আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

By

Published : Feb 6, 2020, 8:11 PM IST

যোৰহাট,6 ফেব্ৰুৱাৰীঃঅসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত নামিল আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ যোৰহাট চহৰখনৰ নেহৰু পাৰ্কৰ সমীপৰ ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ৰ পৰা অসমীয়া ভাষা ব্যৱহাৰৰ নকৰা বেনাৰ আৰু হৰ্ডিং আঁতৰাই পেলালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ একাংশ কৰ্মীয়ে ৷

আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশেষ পদক্ষেপ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিত্ত সম্পাদক শিৱ কলিতাই ক্ষোভেৰে জনাই যে, ভাৰতীয় জীৱন বীমা নিগমৰ একাংশ অসমীয়া বিৰোধী বিষয়াৰ বাবেই বেনাৰ সমূহত অসমীয়া ভাষা প্ৰয়োগ কৰা নাই ৷ লগতে অসমত অসমীয়াৰ প্রভুত্ব থাকিব লাগিব বুলিও হুংকাৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিত্ত সম্পাদক গৰাকীয়ে ৷ লগতে পঢ়কঃমাৰণাস্ত্ৰ পৰিহাৰ কৰি কৃষিত নিয়োজিত আলফা কেডাৰ!

ABOUT THE AUTHOR

...view details