যোৰহাট, 2 অক্টোবৰ: ‘অমৃত কলহ যাত্ৰা’... বৰ্তমান ৰাজ্যজুৰি চৰ্চিত হৈ থকা এটা বিষয় তথা চলি থকা এটা প্ৰক্ৰিয়া হৈছে অমৃত কলহ যাত্ৰা ৷ চৰকাৰৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰায় প্ৰতিটো অঞ্চলৰ প্ৰতিঘৰ মানুহৰ পৰা এমুঠি হ’লেও মাটি সংগ্ৰহ কৰি দিল্লীলৈ পঠিয়াবলৈ যো-জা চলোৱা হৈছে ৷ এই যাত্ৰাত অংশগ্ৰহণৰ বাবে বিশেষকৈ মহিলাসকলক আকৰ্ষিত কৰাৰ বাবে চৰকাৰে কেতবোৰ ঘোষণাও কৰিছে ৷
বহু অঞ্চলত দেখা হৈছে কাষত কলহ লৈ জাক পাতি মহিলা ওলাই আহিছে অমৃত কলহ যাত্ৰা সাফল্য মণ্ডিত কৰিবলৈ ৷ সাধাৰণ জনতাৰ অমৃত কলহ যাত্ৰাক লৈ কিছু উৎসাহ থাকিলেও কিন্তু কি এই অমৃত কলহ যাত্ৰা সেয়া বুজি পোৱা নাই প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে ৷
অসম জাতীয় পৰিষদৰ উদ্যোগত ধুবুৰীৰ পৰা আৰম্ভ হোৱা ‘এক অসম যাত্ৰা’ কৰি সোমবাৰে যোৰহাটত উপস্থিত হয় লুৰীণজ্যোতি গগৈ, জগদীশ ভূঞা, দুলু আহমেদসহ দলীয় নেতৃত্ব ৷ সেই সময়তে দুলু আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে এই অমৃত কলহ যাত্ৰা সি সেয়া তেওঁ বুজিব পৰা নাই ৷ অমৃত কলহ যাত্ৰাৰ নামত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা পিছুৱাই হাতত কলহ তুলি দিয়া বুলিও তেওঁ অভিযোগ তোলে ৷