যোৰহাট, ৫ ছেপ্টেম্বৰ:জ্যেষ্ঠ বিজেপি নেতা দ্বীবন ডেকা আৰু অনুৰাগ চলিহাৰ লগত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীৰ নাম চাকৰি কেলেংকাৰীৰ লগত জড়িত কৰাই একাংশ সংবাদ গোষ্ঠীয়ে বাতৰি পৰিবেশন কৰি থকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শান্তনু পূজাৰীয়ে ৷ যোৰহাটত সংবাদমেলযোগে নিজৰ স্থিতি স্পষ্ট কৰি শান্তনু পূজাৰীয়ে দ্বীবন ডেকা বিজেপি দলত থকা সময়ত তেওঁ বিজেপিত যোগদান কৰা নাছিল বুলি উল্লেখ কৰি দলৰ এজন জ্যেষ্ঠ কৰ্মী হিচাপেহে তেওঁক চিনি পোৱাৰ কথা ব্যক্ত কৰে ৷
তেওঁ কয়, দ্বীবন ডেকাই তদানীন্তন বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিৎ দত্তৰ কাৰ্যকালত বৰক্ষেত্ৰী সমষ্টি পৰাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু দল পুৰণি জ্যেষ্ঠ কৰ্মকৰ্তা হোৱা হেতু অন্যসকলৰ দৰে ময়ো চিনি পাইছিলো । ২০১৯ চনত যোৰহাটত জ্যেষ্ঠ বিজেপি কৰ্মী পালিত বৰাৰ ঘৰত দ্বীবন ডেকাক প্ৰথম লগ পাওঁতে এখন ফটো তুলিছিলোঁ ৷ সেই ফটোখনকে ভিত্তি কৰি লৈ একাংশ সংবাদগোষ্ঠীয়ে দিবন ডেকাৰ লগত মোৰ নাম সন্নিবিষ্ট কৰি পেলাইছে ।
আনহাতে অনুৰাগ চলিহাৰ লগত মোৰ কোনো চিনা পৰিচয় নাই । এবাৰ ফোনত দ্বীবন ডেকাই মোক অনুৰাগ চলিহাক চিনি পাওঁ নেকি সুধিছিল আৰু অনুৰাগ চলিহাৰ এখন ফটো মোক দিছিল । তেতিয়া মই নাপাওঁ বুলি কৈছিলো ৷ এইসমূহ বিষয়ক উদ্দেশ্য প্ৰণোদিতভাৱে একাংশ সংবাদমাধ্যমে বিৰূপভাৱে প্ৰকাশ কৰি মোৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ শান্তনু পূজাৰীয়ে কয় ৷
তেওঁ আৰু কয়, ইতিমধ্যে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । দ্বীবন ডেকা আৰু অনুৰাগ চলিহাৰ মোবাইল জব্দ কৰি বহুতকে সোধা-পোছা চলাইছে । কিন্তু আৰক্ষীয়ে মোকতো এবাৰো মতা নাই বা মোক সোধা-পোছা কৰা নাই । যদি মই জড়িত থাকিলোহেঁতেন তেন্তে আৰক্ষীয়ে মোক নিশ্চয় জেৰাৰ বাবে বিচাৰিলেহেঁতেন । কিন্তু ইমানৰ পাছতো একাংশ সংবাদগোষ্ঠীয়ে মই পলাতক বুলি বাতৰি প্ৰচাৰ কৰি আহিছে । পলাতক নোহোৱাকৈ ৰাইজৰ মাজত থকাৰ পাছতো মোক পলাতক সজাই মোৰ ভাৱমূৰ্তি ম্লান কৰিব বিচাৰিছে ।