যোৰহাট, ৩ জুলাই: কৃষিকাৰ্য আৰু পশুপালনেৰে জীৱিকা উপাৰ্জন কৰা লোকসকলক উৎসাহিত কৰাৰ বাবে ন ন আঁচনি গ্ৰহণ কৰিছে কৃষি বিভাগে । সময়ে সময়ে এই ক্ষেত্ৰৰে জড়িত কামবোৰ পৰিদৰ্শনো কৰি আহিছে কৃষি মন্ত্ৰী অতুল বৰাই (Atul Bora) । শনিবাৰে কৃষি মন্ত্ৰী অতুল বৰা (ATUL BORA) যোৰহাটৰ চাৰিগাঁৱত থকা চি কে(CK) উদ্যোগত উপস্থিত হয় । উত্তৰ-পূৰ্ৱাঞ্চলৰ এক মাত্ৰ মৌ উৎপাদনকাৰী উদ্যোগটো পৰিদৰ্শন কৰি তেওঁ কয় যে, মৌ-পালন কৃষি ক্ষেত্ৰৰে এটি অংশ আৰু যথেষ্ট লাভজনক ব্যৱসায় ।
তেওঁ কয় যে মৌ-পালনৰ বাবে বিশেষ ভূমিৰ প্ৰয়োজন নাই বাবে এই ব্যৱসায় কৰাতো সহজ । নিৱনুৱা যুৱক-যুৱতীয়ে মৌ পালনৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে বুলি তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয় যে, বিগত ৫ বছৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকক মৌ পালনৰ বাবে মুঠ ২৬০০০টা মৌ বাকচ প্ৰদান কৰিছে । ১৯৯৮ চনতে যোৰহাট চাৰিগাঁৱৰ লীলা চৰণ দত্ত নামৰ লোকজনে এই উদ্যোগটো স্থাপন কৰিছিল আৰু তেতিয়াৰে পৰা সকলো প্ৰত্যাহ্বান নেওচি তেওঁ মৌ-পালন কৰি আহিছে ।